ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনা একাডেমী (NAARM)-ত পদ খালী
ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনা একাডেমী (NAARM)য়ে কমিউনিকেশ্যন মেনেজাৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে।

ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনা একাডেমী (NAARM)-ৰ বিষয়েঃ
ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনা একাডেমী (NAARM) তেলেংগানাৰ হায়দৰাবাদত অৱস্থিত। ১৯৭৬-ত এই একাডেমী ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদে প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠান স্থাপনৰ উদ্দেশ্য আছিল কৃষিৰ সৈতে জড়িত সমস্যা সমাধান কৰা, কৃষি গৱেষণা কৰা আৰু কৃষি বিজ্ঞানৰ শিক্ষাৰ ব্যৱস্থপানা কৰা। আৰম্ভণি বছৰকেইটাত এই একাডেমীয়ে ভাৰতীয় কৃষি গৱেষণা পৰিষদত নতুনকৈ মকলৰ হোৱাসকলক প্ৰশিক্ষণ দিছিল।
সমসাময়িকভাবে ইয়াৰ কৰ্ম-পৰিসৰ গৱেষণা, ৰাষ্ট্ৰীয় কৃষি গৱেষণা কেন্দ্ৰ (NARS)-ৰ কৃষি পেচাদাৰীৰ সামৰ্থ বৃদ্ধি কৰা আদি কামলৈ সম্প্ৰসাৰিত হয়। তদুপৰি এই একাডেমীয়ে পেটেণ্ট আৰু জিওগ্ৰাফিকেল ইনডিকেচনৰ ক্ষেত্ৰলৈও সেৱা আগবঢ়ায়।
ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনা একাডেমী (NAARM)- নিযুক্তি-২০২২ঃ
ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনা একাডেমী (NAARM)য়ে কমিউনিকেশ্যন মেনেজাৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
পদৰ নাম | কমিউনিকেশ্যন মেনেজাৰ। |
খালী পদৰ সংখ্যা | নিৰ্দিষ্টকৈ উল্লেখ নাই। |
বয়সৰ সীমা | উল্লেখ নাই। |
দৰমহা | মাহিলী ৫০ হেজাৰ টকা। |
চাকৰিৰ স্থান | হায়দৰাবাদ (তেলেংগনাা) |
আবেদনৰ অন্তিম তাৰিখ | ২৭ জানুৱাৰী, -২০২২। |
আবেদনৰ মাচুল | তথ্য উপলব্ধ নহয়। |
ই-মেইল | careers.aidea@naarm.in |
শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:
স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হব লাগিব।
তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব।
আবেদন প্ৰক্ৰিয়াঃ
আগ্ৰহী প্ৰাৰ্থীসকলে অহা নিৰ্ধাৰিত প্ৰ-পত্ৰত আবেদন পত্ৰ অহা ২৭ জানুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ careers.aidea@naarm.in-লৈ প্ৰেৰণ কৰিব পাৰে।
আৰু চাব পাৰে :NIPER গুৱাহাটী নিযুক্তি ২০২২ - জে.আৰ.এফ., প্ৰকল্প সহায়ক খালী পদ