অতিথি অধ্যাপক নিযুক্তিৰ বাবে নগালেণ্ড বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

নগালেণ্ড বিশ্ববিদ্যালয়ত অতিথি অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : অতিথি অধ্যাপক ( বিভিন্ন বিষয়ত)।
খালী পদ সংখ্যা : ০৭টা
অৱস্থান : জুনহেবোটো, নাগালেণ্ড
দৰমহা : ২৫,০০০/- (প্ৰতি মাহে)।
আবেদন গ্ৰহণ অন্তিম তাৰিখ : ০৮ অক্টোবৰ ২০২১, ১৮ অক্টোবৰ ২০২১, ২০ অক্টোবৰ ২০২১ আৰু ২২ অক্টোবৰ ২০২১।
বয়স : কোনো সীমা নাই।
শিক্ষাগত অৰ্হতা :
• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাসংগিক বিষয়ত ৬০% নম্বৰ সহ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।
• Ph.D/M.PhiI/NET/SLET ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলক প্ৰাধান্য দিয়া হ'ব।
বাছনি প্ৰক্ৰিয়া :
এই পদৰ ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থীসকলক নিজৰ বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ (প্ৰকৃত) সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল।