Begin typing your search above and press return to search.

নগালেণ্ড বিশ্ববিদ্যালয়ত বিত্ত বিষয়া আৰু নাৰ্ছিং বিষয়া পদ খালী

নগালেণ্ড বিশ্ববিদ্যালয়ে বিত্ত বিষয়া আৰু নাৰ্ছিং বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

নগালেণ্ড বিশ্ববিদ্যালয়ত  বিত্ত বিষয়া আৰু নাৰ্ছিং বিষয়া পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jan 2022 12:11 PM GMT

নগালেণ্ড বিশ্ববিদ্যালয়ৰ বিষয়েঃ

১৯৮৯-ত ভাৰত চৰকাৰে এখন আইনৰ জৰিয়তে নগালেণ্ড বিশ্ববিদ্যালয় স্থাপন কৰে। এই বিশ্ববিদ্যালয় হৈছে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মুখ্য চৌহদ নগালেণ্ডৰ জুনহেবোটোৰ লুমামিত অৱস্থিত। বিশ্ববিদ্যালয়খনৰ দুটা স্থায়ী চৌহদ ক'হিমা (মেৰিমা) আৰু মেদজিফেমাত আছে ৷ তদুপৰি এটা অস্থায়ী চৌহদ ডিমাপুৰত আছে। এই অস্থায়ী চৌহদত বি টেক পাঠ্যক্ৰমৰ শিক্ষা আগবঢ়োৱা হয়।

নগালেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত মুঠতে ৬৮ খন কলেজত অনুমোদন জনোৱা হৈছে। এনেদৰে বিশ্ববিদ্যালয়খনৰ অধীনত প্ৰায় ২৪ হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰে ৷ বিশ্ববিদ্যালয়খনত সুকীয়া বিষয়ৰ ৪৩ টা শাখা আছে। এই বিশ্ববিদ্যালয়ত এম এ, এম এছ চি, এম কম, এম বি এ, এম এড, এম এছ চি ( কৃষি), বি টেক, বি এছ চি(কৃষি), এল এল বি, বি এড, বি এছ চি, বি এ, বি কম, বি বি এ, বি চি এ, বি এচ চি (নাৰ্ছিং) আৰু ভি ভকেচনেলৰ শিক্ষা আগবঢ়োৱা হয় ৷

নগালেণ্ড বিশ্ববিদ্যালয়ৰ নিযুক্তি-২০২২ঃ

নগালেণ্ড বিশ্ববিদ্যালয়ে বিত্ত বিষয়া আৰু নাৰ্ছিং বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত দিয়া হৈছে।



প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

বিত্ত বিষয়া, নাৰ্ছিং বিষয়া।

খালী পদৰ সংখ্যা

০৭ টা।

বয়সৰ সীমা

সৰ্বোচ্চ ৫৭ বছৰ।

দৰমহা

মাহিলী ৩৫, ৪০০ টকাৰ পৰা ২, ১৮, ৪০০ টকা।

চাকৰিৰ স্থান

নগালেণ্ডৰ জুনহেবোটো।

আবেদনৰ অন্তিম তাৰিখ

১৪ ফেব্ৰুৱাৰী, ২০২২।

আবেদনৰ মাচুল

১,০০০ টকা। এছ চি- এছ টিৰ ৫০০ টকা। মাচুল পৰিশোধৰ পদ্ধতিঃ অনলাইন।


চাকৰিৰ প্ৰকৃতি

-


শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

বিত্ত বিষয়াঃ স্নাতকোত্তৰ ডিগ্ৰী।

নাৰ্ছিং বিষয়াঃ জি এন এম, ডিপ্লোমা।

অভিজ্ঞতাঃ

বিত্ত বিষয়াঃ সহকাৰী অধ্যাপকৰূপে শিক্ষাদানৰ ন্যূনতম ১৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

নাৰ্ছিং বিষয়াঃ ষ্টাফ নাৰ্ছৰূপে কাম কৰাৰ ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে আবেদন পত্ৰ Recruitment Cell (Establishment Section), Nagaland University, Headquarters: Lumami, P.O: Lumami, Pin-798627 District: Zunheboto, Nagaland-লৈ প্ৰেৰণ কৰিব পাৰে।


সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


আৰু চাব পাৰে :NIPER গুৱাহাটী নিযুক্তি ২০২২ - জে.আৰ.এফ., প্ৰকল্প সহায়ক খালী পদ


Next Story