Begin typing your search above and press return to search.

নেচনেল বুক ট্ৰাষ্টত সম্পাদনা সহযোগীৰ প্ৰয়োজন

নেচনেল বুক ট্ৰাষ্ট ( এন বি টি)-এ ১৫ টা প্ৰধান ভাৰতীয় ভাষাৰ সম্পাদনা সহযোগী নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

নেচনেল বুক ট্ৰাষ্টত সম্পাদনা সহযোগীৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2020 11:45 AM GMT

খালী পদৰ সংখ্যাঃ অসমীয়া ভাষাৰ বাবে এটা। বাংলা ভাষাৰ বাবে এটা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। সংশ্লিষ্ট ভাষাত ব্যুত্পত্তি থাকিব লাগিব। তদুপৰি আৰ্হি পাঠ, অনবাদ, সম্পাদনা, গ্ৰন্থ মূল্যায়ন লেখা, বিষয়বস্তুৰ বিকাশ সাধন, গ্ৰন্থৰ লে-আউট আদিৰ কামত ন্যূনত তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব। হিন্দী আৰু ইংৰাজীৰ জ্ঞান থাকিব লাগিব। পেজ মেকাৰ, এক্সেল আৰু অন্যান্য ছফটৱেৰৰ কাম জানিব লাগিব। সংশ্লিষ্ট ভাষাত স্নাতকোত্তৰ ডিগ্ৰী বিচৰা হব পাৰে।

বয়সৰ সীমাঃ ৪৫ বছৰৰ তলত।

দৰমহাঃ ৩০ হেজাৰ টকাৰ পৰা ৪০ হেজাৰ টকা।

আবেদনৰ নিয়মঃ সম্পূৰ্ণৰূপে পূৰ কৰা আবেদন অহা ২৩ ছেপ্টেম্বৰৰ ভিতৰত Deputy Director (Estt. & Admn.) National Book Trust, India Nehru Bhawan, 5, Institutional Area, Phase-II, Vasant Kunj, New Delhi-110070পোৱাকৈ প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩—৯-২০২০।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ গুৱাহাটীত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে চেন্সৰ ব'ৰ্ডৰ আবেদন আহ্বান

Next Story
চাকৰি