Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় সাৰ নিগমত মেনেজমেণ্ট ট্ৰেইনীৰ পদখালী

এই পদসমূহৰ অৰ্হতা, বয়স আদিৰ বিষয়ে তলত তথ্য পাব।

ৰাষ্ট্ৰীয় সাৰ নিগমত মেনেজমেণ্ট ট্ৰেইনীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2021 10:59 AM GMT

ৰাষ্ট্ৰীয় সাৰ নিগম ( এন এফ এল)-এ মেনেজমেণ্ট ট্ৰেইনী (বিপণন) আৰু মেনেজমেণ্ট ট্ৰেইনী (মানৱ সম্পদ)ৰ ২৪ টা খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে আবেদন জনাব পাৰে।

এই পদসমূহৰ অৰ্হতা, বয়স আদিৰ বিষয়ে তলত তথ্য পাব।


পদসমূহঃ

মেনেজমেণ্ট ট্ৰেইনী (বিপণন)

খালী পদৰ সংখ্যাঃ ১২টা। ইয়াৰে ৫ টা অ-সংৰক্ষিত হোৱাৰ বিপৰীতে ২ টা এছ চি, ১ টা এছ টি, ৩ টা অ বি চি আৰু ১ টা আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বয়সৰ সীমাঃ ৩০-০৯-২০২১-ত ১৮ ৰ পৰা ২৯ বছৰ। চৰকাৰী নিয়মানুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম ৬০ শতাংশ নম্বৰসহ কৃষি বিজ্ঞানৰ এম এছ চি হব লাগিব। অথবা ন্যূনতম ৬০ শতাংশ নম্বৰসহ ইউ জি চি বা এ আই টি চি ই স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা এম বি এ বা পি জি ডি বি এম ( বিপণন/ কৃষি ব্যৱসায়/ আন্তৰ্জাতিক বিপণন/ ৰুৰেল মেনেজমেণ্ট) হব লাগিব।

মেনেজমেণ্ট ট্ৰেইনী( মানৱ সম্পদ)ঃ

খালী পদৰ সংখ্যাঃ ১২টা। ইয়াৰে ৫ টা অ-সংৰক্ষিত হোৱাৰ বিপৰীতে ২ টা এছ চি, ০ টা এছ টি, ৪ টা অ বি চি আৰু ১ টা আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বয়সৰ সীমাঃ ৩০-০৯-২০২১-ত ১৮ ৰ পৰা ২৯ বছৰ। চৰকাৰী নিয়মানুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব।

আবেদনৰ মাচুলঃ অংসৰক্ষিত/অ বি চি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৭০০টকা।

# এছ চি /এছ টি /পি ডব্লিউ ডি /প্ৰাক্তন সৈনিক/ বিভাগীয় প্ৰাৰ্থীৰ ক্ষেত্ৰত: শূন্য।

#মাচুল আদায়ৰ পদ্ধতি: অনলাইন।

আবেদন গ্ৰহণৰ শেষ তাৰিখ- ২৩-১১-২০২১ৰ সন্ধিয়া ৫-৩০ বজা।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


Next Story
চাকৰি