Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকত প্ৰৱন্ধক পদ খালী

ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকে১৭ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য উল্লেখ কৰা হলঃ

ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকত প্ৰৱন্ধক পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2021 11:42 AM GMT

ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকৰ বিষয়েঃ ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংক ( এন এইচ বি) হৈছে ভাৰতত গৃহ নিৰ্মাণ বিত্তীয় কোম্পানীসমূহক অনুজ্ঞাপত্ৰ প্ৰদান আৰু নিয়ন্ত্ৰণ কৰা প্ৰতিষ্ঠান। এন এইচ বি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনৰ প্ৰতিষ্ঠান। ১৯৮৮-ৰ ৯ জুলাইত ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংক আইন, ১৯৮৭ৰ অধীনত এন এইচ বি প্ৰতিষ্ঠা কৰা হয়। গৃহ নিৰ্মাণৰ ক্ষেত্ৰত এন এইচ বি সৰ্বোচ্চ সংস্থা। বিত্ত আইন, ২০১৯ৰ জৰিয়তে ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ আইন, ১৯৮৭- ৰ সংশোধন ঘটোৱা হৈছে। এন এইচ বিয়ে গৃহ নিৰ্মাণ কোম্পানীসমূহৰ পঞ্জীয়ন কৰায় আৰু তদাৰক কৰে। বিত্ত আইন, ২০১৯-এ গৃহ নিৰ্মাণ কোম্পানীসমূহৰ নিযন্ত্ৰণ ক্ষমতা ভাৰতীয় ৰিজাৰ্ভ বেংকক প্ৰদান কৰিছে।


ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকে জ্যেষ্ঠ প্ৰৱন্ধক পৰ্যায়ৰ ১৭ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য উল্লেখ কৰা হলঃ


পদসমূহঃ

সহকাৰী প্ৰৱন্ধক ( স্কেল-১)

খালী পদৰ সংখ্যাঃ ১৪ টা।

বয়সৰ সীমাঃ ২১ ৰ পৰা ৩০ বছৰ। এছ চি /এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্মববিদ্যালয়ৰ পৰা ৬০ শতাংশ নম্বৰসহ যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী আৰু ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী। এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ শতাংশকৈ নম্বৰ ৰেহাই পাব।

উপ-প্ৰৱন্ধক ( স্কেল-২)

খালী পদৰ সংখ্যাঃ ২ টা।

বয়সৰ সীমাঃ ২৩ ৰ পৰা ৩২ বছৰ। এছ চি /এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক। এম বি এ (বিত্ত) সকলে অগ্ৰাধিকাৰ পাব।

অভিজ্ঞতাঃ ভাৰতত হিচাপ পৰীক্ষা, ঋণৰ কাম আৰু বোজাৰ ক্ষেত্ৰত বেংক/ বিত্তীয় প্ৰতিষ্ঠান/নিয়ন্ত্ৰক সংস্থাত ন্যূনতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।


আঞ্চলিক প্ৰৱন্ধক ( স্কেল-৪, ৰিস্ক মেনেজমেণ্ট)

খালী পদৰ সংখ্যাঃ ১ টা।

বয়সৰ সীমাঃ ৩০ ৰ পৰা ৪৫ বছৰ। এছ চি /এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ লগতে গ্লোবেল এছোচিয়েচন অৱ ফাইনেন্সিয়েল ৰিস্ক মেনেজমেণ্টৰ শিক্ষাগ্ৰহণ কৰা হব লাগিব।

অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।


আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীয়ে এন এইচ বিৰ ৱেবছাইটৰ পৰা আবেদন জনাব পাৰে।

ৱেবছাইটৰ গুৰুত্বপূৰ্ণ লিংকত স্ক্ৰল ডাউন কৰিব।



সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।





Next Story
চাকৰি