এনচিইআৰটি (NCERT) নিযুক্তি ২০২২ - মুখ্য গাণনিক বিষয়াৰ পদ খালী

ৰাষ্ট্ৰীয় শিক্ষণ গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এন চি ই আৰ টি)-এ মুখ্য গাণনিক বিষয়া নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে।
এনচিইআৰটি (NCERT) নিযুক্তি ২০২২ - মুখ্য গাণনিক বিষয়াৰ পদ খালী

এনচিইআৰটিয়ে শেহতীয়াকৈ মুখ্য গাণনিক বিষয়া নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে ৷ আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে।

এনচিইআৰটিৰ নিযুক্তি-২০২২ঃ

এন চি ই আৰ টিয়ে মুখ্য গাণনিক বিষয়াৰ পদত নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালী পদৰ সংখ্যা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।

পদৰ নাম

মুখ্য গাণনিক বিষয়া

খালী পদ

২ টা

বয়সৰ সীমা

৫৬ বছৰ

দৰমহা

লেভেল-১২

চাকৰিৰ অৱস্থান

নতুন দিল্লী

অন্তিম তাৰিখ

২১-১০-২০২২

ৱেবছাইট

http://ncert.nic.in/

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীসকল স্নাতক হ'বই লাগিব ৷ তদুপৰি ন্যূনতম পাঁচৰ পৰা সাত বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

কেনেদৰে আবেদন জনাব পাৰেঃ

আগ্ৰহী তথা ইচ্ছ্যুক প্ৰাৰ্থীসকলে ncert.nic.in-ৰ পৰা আবেদন জনাব পাৰে।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ

সাক্ষাৎকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হ'ব ৷

NCERT-ৰ বিষয়েঃ

১৯৬১-ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষণ গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এন চি ই আৰ টি) প্ৰতিষ্ঠা কৰে। স্কুলীয়া শিক্ষাৰ গুণগত উন্নয়ন সাধনত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহক সহায় কৰাৰ উদ্দেশ্য ভাৰত চৰকাৰে এই পৰিষদ স্থাপন কৰে। এন চি ই আৰ টি আৰু ইয়াক গঠন কৰা উপাদানসমূহৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্যসমূহ হৈছে স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত গৱেষণা কৰা, উত্তৰ সাধন কৰা আৰু গৱেষণাত সহযোগ কৰা। লগতে মডেল পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশ কৰা, পৰিপূৰক গ্ৰন্থ-পত্ৰিকা আদি প্ৰকাশ কৰা ৷ তদুপৰি শিক্ষকসকলক প্ৰশিক্ষণ দিয়া তথা প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাটোও এই পৰিষদৰ অন্যতম উদ্দেশ্য।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com