Begin typing your search above and press return to search.

এন চি আৰ বিত হেড কনিষ্টবল(গাড়ীচালক) নিযুক্তি

এন চি আৰ বিয়ে হেড কনিষ্টবল(গাড়ীচালক) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

এন চি আৰ বিত হেড কনিষ্টবল(গাড়ীচালক) নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jan 2022 1:58 PM GMT

এন চি আৰ বিৰ বিষয়েঃ

১৯৮৬-ত ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ সংস্থা( NCRB) প্ৰতিষ্ঠা কৰা হয়। টেণ্ডন সমিতি, ৰাষ্ট্ৰীয় আৰক্ষী আয়োগ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ টাস্ক ফোৰ্চৰ পৰামৰ্শৰ ভিত্তিত অপৰাধ আৰু অপৰাধী সম্পৰ্কত তথ্য মজুত কৰিবলৈ এই সংস্থা প্ৰতিষ্ঠা কৰা হয়। যাতে অপৰাধৰ ঘটনাৰ অনুসন্ধানত সহায় হয়।

এন চি আৰ বিয়ে শেহতীয়াভাবে তিনিটা পদত নিযুক্তিৰ বাবে অফলাইন আবেদন বিচাৰিছে। সকলো প্ৰাৰ্থীয়ে ইয়াৰ বাবে ncrb.gov.in চাব পাৰে। আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে।

এন চি আৰ বিৰ নিযুক্তি-২০২২ঃ

এন চি আৰ বিয়ে হেড কনিষ্টবল(গাড়ীচালক) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

হেড কনিষ্টবল (গাড়ীচালক।

খালী পদৰ সংখ্যা

০৩ টা।

বয়সৰ সীমা

১০-০৩-২০২২-ত সৰ্বোচ্চ ৫৬ বছৰ।

দৰমহা

মাহিলী ১৯, ৯০০ টকাৰ পৰা ৬৩, ২০০ টকা।

চাকৰিৰ স্থান

দিল্লী, নতুন দিল্লী।

অন্তিম তাৰিখ

১০ মাৰ্চ, ২০২২।

আবেদন মাচুল

নাই।

চাকৰিৰ প্ৰকৃতি

স্থায়ী।


শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

এন চি আৰ বিৰ অধিসূচনা অনুসৰি।

অভিজ্ঞতাৰ সবিশেষঃ

গধুৰ অথবা লঘু বাহন চলোৱাৰ ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ

প্ৰথমে অফিচিয়েল ৱেবছাইট ncrb.gov.in চাব।

এই ৱেবছাইটৰ Recruitment বাCareers চাব।

আপুনি তাত শেহতীয়া পদৰ নিযুক্তিৰ জাননী পাব।

সাৱধানেৰে নিৰ্দেশাৱলী পঢ়িব। ভুল নোহোৱাকৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব।

আবেদন পত্ৰ ১০ মাৰ্চ, ২০২২-ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব পাৰে।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।



আৰু চাব পাৰে :NIPER গুৱাহাটী নিযুক্তি ২০২২ - জে.আৰ.এফ., প্ৰকল্প সহায়ক খালী পদ




Next Story
চাকৰি