Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমত পদখালী

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমত সহকাৰী প্ৰবন্ধকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

RaktimBy : Raktim

  |  20 Aug 2021 7:04 AM GMT

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

পদৰ নাম : সহকাৰী প্ৰবন্ধক

খালী পদৰ সংখ্যা : ১০টা ৷

বয়স : ৪০ বছৰ

দৰমহা : ৫০,০০০ - ১৬০০০০ মাহিলী

অন্তিম তাৰিখ : ৩১/০৮/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী বৈদ্যুতিক/ ইলেক্ট্ৰনিকছ/ যান্ত্ৰিক বিভাগত BE/ BTech ডিগ্ৰীধাৰী হোৱা অনিবাৰ্য।

নতুবা

বৈদ্যুতিক/ ইলেক্ট্ৰনিকছ/ যান্ত্ৰিক বা এনে কোনো বিভাগত ডিপ্লমা কৰা হ'ব লাগিব। ইয়াৰ লগতে ৮ৰ পৰা ১০বছৰলৈকে ৰেল-পথ/ মেট্ৰো ৰেল/ কোনো ৰেল-পথ বা মেট্ৰো ৰেলৰ নিৰ্মাণ কাৰ্য তথা তাক চম্ভালাৰ দায়িত্ব লোৱা প্ৰতিষ্ঠিত ব্যক্তিগত কোম্পানীত কৰ্ম - অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদনপত্ৰ প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে কেৰিয়াৰ চেল, HR বিভাগ, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগম, বিকাশ সদনৰ ওচৰত, INA চহৰাঞ্চলত, নতুন দিল্লী, পিন : ১১০০২৩ লৈ প্ৰেৰণ কৰিব লাগিব।

Next Story
চাকৰি