উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক মকৰল

আগ্ৰহী প্ৰা্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য চাব পাৰে:
উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত  অতিথি  অধ্যাপক মকৰল

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (নেহু)-ৰ ইতিহাস আৰু পুৰাতত্ব বিভাগে অতিথি অধ্যাপক মকৰলৰ বাবে আবেদন বিচাৰিছে।  

পদৰ নাম -অতিথি  অধ্যাপক । 

খালী পদ-৪ টা ।

বয়সৰ সীমা উল্লেখ কৰা হোৱা নাই ।

দৰমহা- নিয়ম অনুসৰি ।

অৱস্থান - তুৰা, মেঘালয় ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৮.০৯.২০২১ ।

বিভাগ-ইতিহাস আৰু পুৰাতত্ত্ব ।

১. প্ৰাসঙ্গিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী (ইতিহাস, এআইএইচচি আৰু পুৰাতত্ব, প্ৰাগৈতিহাসিক পুৰাতত্ত্ব)

২. প্ৰাৰ্থীসকল ইউজিচিৰ নিয়ম অনুসৰি নেট  বা সমতুল্য  অৰ্হতা থাকিব লাগিব।

৩.অৱশ্যে, পি.এইচ.ডি. থকা প্ৰাৰ্থী বা সংশ্লিষ্ট শাখাত সক্ৰিয় গৱেষণা/শিক্ষণ অভিজ্ঞতাৰ প্ৰমাণ থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব।

আবেদন প্ৰক্ৰিয়া-আগ্ৰহী প্ৰাৰ্থীসকলে বায়োডাটাৰ সৈতে প্লেইন পেপাৰত তেওঁলোকৰ আবেদনপত্ৰ ১৮.০৯.২০২১ চনৰ ভিতৰত ভাৰপ্ৰাপ্ত শিক্ষক, ইতিহাস আৰু পুৰাতত্ত্ব বিভাগ, এনইএইচইউ, তুৰা চৌহদ, তুৰা, মেঘালয়-৭৯৪০০২ লৈ বা  hodhash@nehu.ac.in ইমেইলযোগে প্ৰেৰণ কৰিব পাৰে।

বাছনি প্ৰক্ৰিয়া-তালিকাভুক্ত প্ৰাৰ্থীসকলক সাক্ষাৎকাৰৰ তাৰিখ আৰু ২২.০৯.২০২১ তাৰিখে সাক্ষাৎকাৰৰ পদ্ধতিৰ বিষয়ে অৱগত কৰা হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com