Begin typing your search above and press return to search.

নেইগ্ৰিমছত সহকাৰী অধ্যাপকৰ পদখালী

উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিত্সা বিজ্ঞান প্ৰতিষ্ঠান(নেইগ্ৰিমছ)-এ বিভিন্ন শাখাৰ সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

নেইগ্ৰিমছত সহকাৰী অধ্যাপকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2021 3:12 PM GMT

পদসমূহঃ

সহকাৰী অধ্যাপক( এনাত্থেছিঅলজী), খালী পদৰ সংখ্যাঃ ৪টা।

শিক্ষাগত অৰ্হতাঃ সংশ্লিষ্ট শাখাত এম ডি বা এম এছ। লগতে এম ডি বা এম এচ সমাপ্তিৰ পাছত স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত সংশ্লিষ্ট বিষয়ত তিনি বছৰৰ শিক্ষাদান বা গৱেষণাৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থীৰ ৰাজ্যিক বা কেন্দ্ৰীয় মেডিকেল কাউন্সিলত পঞ্জীয়ন থাকিব লাগিব। তিনি বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী অধ্যাপক(জেনেৰেল মেডিচিন), খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ সংশ্লিষ্ট বিষয়ত এম ডি বা এম এছ বা সমপৰ্যায়ৰ শিক্ষাগ্ৰহণ কৰা হব লাগিব। তিনি বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী অধ্যাপক(জেনেৰেল ছাৰ্জাৰী)

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ সংশ্লিষ্ট বিষয়ত এম ডি বা এম এছ হব লাগিব। তদুপৰি তিনি বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী অধ্যাপক(হাস্পতাল প্ৰশাসন)

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা এম ডি অথবা হাস্পতাল প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তিনি বছৰৰ কৰ্মঃঅভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ ৫০ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৬-২০২১।

নিযুক্তিৰ স্থানঃ শ্বিলং, মেঘালয়।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

আবেদনৰ নিয়মঃ আবেদনপত্ৰ আৰু আনুসংগিক নথিপত্ৰ neigrihms.recruitment@gmail.com লৈ প্ৰেৰণ কৰিব পাৰে। আবেদন পত্ৰৰ সৈতে জন্মৰ প্ৰমাণপত্ৰ, এম বি বি এছ, এম ডি আদিৰ প্ৰমাণপত্ৰৰ কপি, এম বি বি এছৰ মাৰ্কশ্বিট, মেডিকেল পঞ্জীয়নপত্ৰ আদি প্ৰেৰণ কৰিব লাগিব। আধাৰ বা ভোটাৰ পৰিচয়পত্ৰৰ কপিও প্ৰেৰণ কৰিব লাগিব।

প্ৰাৰ্থী বাছনি সাক্ষাতকাৰৰ ভিত্তিত কৰা হব। ক'ৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সাক্ষাতকাৰ ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে লোৱা হব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি