Begin typing your search above and press return to search.

প্ৰশাসনিক সহায়ক নিযুক্তিৰ বাবে নেইগ্ৰিমছৰ আবেদন আহ্বান

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদি তলত উল্লেখ কৰা হৈছে :-

প্ৰশাসনিক সহায়ক নিযুক্তিৰ বাবে নেইগ্ৰিমছৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Oct 2021 11:43 AM GMT


উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিত্সা বিজ্ঞান প্ৰতিষ্ঠান (নেইগ্ৰিমছ)-ৰ বিষয়েঃ উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিত্সা বিজ্ঞান প্ৰতিষ্ঠান হৈছে শ্বিলংস্থিত এক চিকিত্সা বিজ্ঞান প্ৰতিষ্ঠান। ২০০৭-ত এই প্ৰতিষ্ঠানত তৃতীয় মাপাংকৰ টিকিত্সা সেৱা আৰম্ভ কৰা হয়। এই প্ৰতিষ্ঠান হৈছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ এক স্বতন্ত্ৰ প্ৰতিষ্ঠান। সংসদে এই প্ৰতিষ্ঠানক উতকৰ্ষতাৰ কেন্দ্ৰৰূপে ঘোষণা কৰি থৈছে। ২০০৮ত এই প্ৰতিষ্ঠানত এম বি বি এছৰ পাঠদান আৰম্ভ হয়। সেইবাৰ ৫০খন আছিল। ইয়াৰ এবছৰৰ পাছত ২০০৯-ত Anaesthesiology, Microbiology, Obstetrics & Gynaecology and Pathology-ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ হয়। পৰৱৰ্তী সময়ত Anatomy, General Medicine, General Surgery and Radiodiagnosis and Imaging-ৰ স্নাতকোত্তৰ পাঠ্য়ক্ৰমৰ পাঠদান আৰম্ভ হয়।

এই প্ৰতিষ্ঠানৰ কম্যুনিটী মেডিচিন বিভাগে প্ৰশাসনিক সহায়ক পদত নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে।

তলত এই বিষয়ে সবিশেষ তথ্য পাব।

খালী পদৰ সংখ্যাঃ

উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিত্সা বিজ্ঞান প্ৰতিষ্ঠানে প্ৰশাসনিক সহায়ক পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদি তলত উল্লেখ কৰা হৈছে :-

পদৰ নাম

প্ৰাশাসনিক সহায়ক।

খালী পদ

১টা।

দৰমহা

মাহিলী ২৭, ৫৬৩টকা।

বয়স

সৰ্বোচ্চ ৩৫ বছৰ।

নিযুক্তিৰ স্থান

শ্বিলং, মেঘালয়।

আবেদনৰ অন্তিম তাৰিখ

৯ নৱেম্বৰ, ২০২১।

ৱেবছাইট


আবেদনৰ নিয়ম আৰু মাচুল


শিক্ষাগত অৰ্হতা:

প্ৰাৰ্থী এম বি বি এছ অথবা হাস্পতাল প্ৰশাসনৰ চাৰ্টিফিটেক বা ডিপ্লমাধাৰী হব লাগিব। নতুবা নাৰ্ছিং অথবা পাব্লিক হেলথৰ স্নাতকোত্তৰ ডিগ্ৰী।

কম্পিউটাৰৰ ভাল জ্ঞান থাকিব লাগিব।


প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া : পৰীক্ষা/সাক্ষাতকাৰ।

অহা ৯ নৱেম্বৰত নেইগ্ৰিমছৰ কমিউনিটী মেডিচিন বিভাগত এক মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব। ইয়াৰ বাবে পঞ্জীয়নৰ সময় পুৱা ৯ বজাৰ পৰা ১০-৩০ বজালৈ আৰু সাক্ষাতকাৰ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি