উত্তৰ-পূব ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিত্সা প্ৰতিষ্ঠানত পদ খালী

শ্বিলংস্থিত NEIGRIHMS-এ পৰিসংখ্যাবিদ নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
উত্তৰ-পূব ইন্দিৰা গান্ধী  স্বাস্থ্য আৰু চিকিত্সা প্ৰতিষ্ঠানত পদ খালী

শ্বিলংস্থিত উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিত্সা প্ৰতিষ্ঠান (NEIGRIHMS)-এ পৰিসংখ্যাবিদ নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : পৰিসংখ্যাবিদ (ষ্টেটিছষ্টিচিয়ান)

পদৰ সংখ্যা : ১টা।

দৰমহা : মাহিলী ১৮,০০০ টকা ।

ঠিকনা : শ্বিলং, মেঘালয়

অন্তিম তাৰিখ : ১৪/৮/২০২১

বয়স : ৪০ বছৰ

অৰ্হতা :

• ইচ্ছুক প্ৰাৰ্থী পৰিসংখ্যা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

• গৱেষণা ক্ষেত্ৰত ১বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক তথা সকলো অৰ্হতা থকা প্ৰাৰ্থীসকলক সাক্ষাতকাৰত উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ বাবে ফোন যোগে ৩১/৮/২০২১ তাৰিখলৈকে আসন নিশ্চিত কৰিব লাগিব (ফোন ০৩৬৪-২৫৩৯৩৬৪, যোগাযোগৰ সময় : খোলা বাৰত, কাৰ্যালয় চলি থকাৰ সময়ত)।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com