Begin typing your search above and press return to search.

উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত (NEIGRIHMS), পদখালী

জুনিয়ৰ ৰেচিদেণ্ট ডাক্তৰৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীক ইন সাক্ষাৎকাৰত বাবে উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল

উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত (NEIGRIHMS), পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Nov 2021 9:01 AM GMT

NEIGRIHMS ৰ বিষয়ে জানক :

উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত (NEIGRIHMS)অৱস্থিত মেঘালয় জিলাৰ শ্বিলং অঞ্চলত। এই অনুষ্ঠানৰ স্থায়ী ভাৱে আৰম্ভণি হৈছিল মাৱদিয়ান্দিয়ান, শ্বিলং অঞ্চলত ২০০৭চনত। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰতৰ অধীনত ১৯৮৭চনত স্থাপিত ই এক স্বায়ত্ত্ব শাসিত অনুষ্ঠান আৰু ইয়াক "চেণ্টাৰ অফ এক্সেলেন্স" হিচাপে পৰিগণিত কৰা হৈছিল ভাৰতীয় সংসদৰ দ্বাৰা।

উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত পদখালী :

উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত জুনিয়ৰ ৰেচিদেণ্ট ডাক্তৰৰ (১ বছৰৰ বাবে) খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলক অহা ২৫ আৰু ২৬ নৱেম্বৰ, ২০২১ তাৰিখে ৱাক ইন সাক্ষাৎকাৰত বাবে উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

জুনিয়ৰ ৰেচিদেন্ট ডাক্তৰ

খালী পদৰ সংখ্যা

৩৭ (অসংৰক্ষিত - ১৫, ই দাব্লিউ এছ - ০৬, অ বি চি - ১০, অনুসূচিত জাতি - ২, অনুসূচীত জনজাতি - ৪)

বয়স

৩০বছৰ। অনুসূচীত জনজাতি/ জাতিৰ বাবে ৫বছৰ ৰেহাই, অ বি চি প্ৰাৰ্থীৰ বাবে ৩বছৰৰ ৰেহাই। আৰু শাৰীৰিক ভাৱে বাধাগ্ৰস্ত সকলৰ বাবে চৰকাৰৰ নিয়মাৱলীৰ ওপৰত ভিত্তি কৰি বয়সৰ ৰেহাই

দৰমহা

৫৬,১০০/- টকা, মাহিলী + এন পি এ আৰু অন্যান্য খৰচ

নিযুক্তিৰ স্থান

শ্বিলং, মেঘালয়

অন্তিম তাৰিখ

২৫ আৰু ২৬/১১/২০২১


শিক্ষাগত অৰ্হতা :

• এই পদত আৱেদন দাখিল কৰিবলৈ প্ৰাৰ্থীৰ মেডিকেল কাউন্সিল অধিনিয়ম ১৯৫৬ৰ অন্তৰ্গত, ৩নম্বৰ খণ্ডৰ প্ৰথম আৰু দ্বিতীয় পইন্টত উল্লেখিত অনুযায়ী মেডিকেল শিক্ষা অৰ্হতা থাকিব লাগিব।

• বৈধ্যতামূলক প্ৰশিক্ষণ সম্পূৰ্ণ কৰা হ'ব লাগিব।

• কেন্দ্ৰীয়/ ৰাজ্যিক মেডিকেল কাউন্সিলত পঞ্জীয়ন কৰা হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

২৫ আৰু ২৬ নৱেম্বৰ ২০২১তাৰিখে অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে উক্ত তাৰিখৰ পুৱা ৯:৩০ আৰু ১০:৩০ সময়ৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰা লাগিব।

স্থান : সন্মিলন কক্ষ, NEIGRIHMS অতিথি গৃহ, স্থায়ী চৌহদ, মাৱদিয়ান্দিয়ান, শ্বিলং।

প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ আৰু প্ৰয়োজনীয় নথি পত্ৰ আনিব লাগিব।

নথি পত্ৰ সমূহ :

১. দুখন শেহতীয়া পাছপৰ্ট ফটো

২. জন্ম প্ৰমাণ পত্ৰ (দশম শ্ৰেণীৰ মানপত্ৰ)

৩. জাতি মানপত্ৰ

৪. MBBS উত্তীৰ্ণ মানপত্ৰ

৫. MBBS ত অৱতীৰ্ণ হোৱা প্ৰমাণ পত্ৰ

৬. MBBS প্ৰশিক্ষণ সম্পূৰ্ণ কৰা প্ৰমাণ পত্ৰ

৭. MBBS অৰ্হতা মানপত্ৰ

৮. মেডিকেল পঞ্জীয়ন মানপত্ৰ

৯. বৰ্তমান কৰ্মৰত সকলৰ বাবে NOC

১০. বিদেশী বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা সকলৰ বাবে MCI অৰ্হতা মানপত্ৰ

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


আৰু পঢ়ক : আই চি আই চি আই বেংকত প্ৰবেচনাৰী বিষয়া নিযুক্তি পৰীক্ষা


Next Story
চাকৰি