Begin typing your search above and press return to search.

MIT ইম্ফলত অতিথি অধ্যাপকৰ পদখালী

৪গৰাকী অতিথি অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে

MIT ইম্ফলত অতিথি অধ্যাপকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Nov 2021 8:44 AM GMT

MIT ইম্ফলৰ বিষয়ে জানক:

মণিপুৰ প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানৰ স্থাপনা কৰা হৈছিল২৮আগষ্ট ১৯৯৮ চনত। অভিযান্ত্ৰিক অধ্যয়নৰ বাবে অগ্ৰণী শিক্ষানুষ্ঠান ৰূপে এই অনুষ্ঠানৰ স্থাপনা কৰা হৈছিল মণিপুৰ চৰকাৰে। ৩১ ডিচেম্বৰ, ২০০৩ তাৰিখে এই অনুষ্ঠানক মণিপুৰ প্ৰযুক্তিবিদ্যা মহাবিদ্যালয় নামেৰে পুনৰ নামাকৰণ কৰা হৈছিল আৰু ইয়াৰ প্ৰচনৰ দায়িত্ব অৰ্পণ কৰা হৈছিল মণিপুৰৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা অধ্যক্ষ ৰূপে পৰিচালিত এখন সমাজক। কিন্তু পৰবৰ্তী সময়ত ৪ফেব্ৰুৱাৰী ২০০৫চনত, পুনৰ এবাৰ অনুষ্ঠানটোৰ নাম সলনি কৰা হয় মণিপুৰ প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান ৰূপে।

MIT ইম্ফলত পদখালী :

MIT ইম্ফলত শেহতীয়া ভাৱে ৪গৰাকী অতিথি অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

অতিথি অধ্যাপক

খালী পদৰ সংখ্যা

০৪

দৰমহা

১,৫০০/- টকা, প্ৰতি লেকচাৰৰ বাবে

বিভাগ ক্ৰমে খালী পদ

ইলেকট্ৰিকেল অভিযন্তা

মেকানিকেল অভিযন্তা

০২

০২

শিক্ষাগত অৰ্হতা

B.E/B.Tech আৰু M.E/M.Tech/M.S. বা যুটীয়া M.Tech ইলেকট্ৰিকেল অভিযান্ত্ৰিক বিভাগত

B.E/B.Tech আৰু M.E/M.Tech/M.S. বা যুটীয়া M.Tech মেকানিকেল অভিযান্ত্ৰিক বিভাগত


আৱেদন প্ৰক্ৰিয়া:

• খালী কাকতত আৱেদন সহ, নিজৰ বায়ডাতা, প্ৰয়োজনীয় নথি পত্ৰ আৰু দিমাণ্ড দ্ৰাফট যোগে ১,০০০/- টকাৰ আৱেদন মাছুল (মুখ্য অধ্যাপক, মণিপুৰ প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, ইম্ফল লৈ উল্লেখ কৰি) সৈতে প্ৰেৰণ কৰিব লাগিব।

• আৱেদন দাখিলৰ অন্তিম তাৰিখ - ২৮)১১/২০২১


আৰু পঢ়ক : অহা সপ্তাহলৈকে ৬,০০০নতুন পদৰ বাবে বিজ্ঞাপন সম্প্ৰচাৰ কৰা হ'ব : মুখ্যমন্ত্ৰী অসম


Next Story
চাকৰি