Begin typing your search above and press return to search.

NIEPMD নিযুক্তি ২০২১ : পৰামৰ্শদাতাৰ পদ খালী

উপযুক্ত প্ৰাৰ্থী সকলক পৰামৰ্শদাতাৰ খালী পদত নিযুক্তিৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে

NIEPMD নিযুক্তি ২০২১ : পৰামৰ্শদাতাৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-12-09T15:48:16+05:30

NIEPMD ৰ বিষয়ে:

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়, বিলোলাংগো সকলৰ সবলীকৰণ বিভাগ, ভাৰত চৰকাৰৰ প্ৰধান লক্ষ্য জন্মগত ভাবে বিকংলাগ লোক সকলৰ সৱলীকৰণৰ, আৰু সেই লক্ষ্য পূৰণৰ হেতু বৰ্তমান এই মন্ত্ৰালয় কৰ্মৰত। এই মন্ত্ৰালয়ে বিকলাংগ সকলক ৭তা ভিন্ন মডেল প্ৰশিক্ষণ প্ৰদান কৰে। চন ১৯৮২ - ৯২ লৈকে ইউনাইটেড নেচনছয়ে বিকলাংগ সকলৰ বাবে এক দশকৰ ঘোষণা কৰে, যাৰ ফল স্বৰূপে গঠন কৰা হয় ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান সমূহৰ। এই অনুষ্ঠান সমূহে পূৰ্বে বিভিন্ন বাধাগ্ৰস্ততাত ভোগা লোক সকলৰ বাবে কাম কৰিছিল। ১৯৯৩ - ২০০২ লৈকে এই দশকক "এছিয়া পেচিফিক দিকেড ফৰ দিছএবল'ড পাৰ" ৰূপে ঘোষণা কৰা হয়। পৰবৰ্তী সময়ত ইয়াৰ সময় সীমা ২০০৩ - ১৩ লৈকে প্ৰসাৰিত কৰা হয়।

NIEPMD ত শেহতীয়া পদ খালী:

NIEPMD ত শেহতীয়া ভাৱে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক পৰামৰ্শদাতাৰ খালী পদত নিযুক্তিৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ অন্তিম তাৰিখৰ পূৰ্বে প্ৰেৰণ কৰিব লাগিব।

পদৰ সবিশেষ তলত উল্লেখিত কৰা হৈছে:


পদৰ নাম

পৰামৰ্শদাতা (প্ৰশাসন)

পৰামৰ্শদাতা (একাউণ্ট)

পদৰ সংখ্যা

০১

০১

দৰমহা

৩৬,০০/- টকা

৪০,০০০/- টকা

অৱস্থান

চেন্নাই, তামিল নাডু

বয়স

অধিকতম ৬৪বছৰ, ০১/০১/২০২১ৰ মতে

বাছনি প্ৰক্ৰিয়া

ৱাক ইন

সাক্ষাৎকাৰৰ তাৰিখ

১৫/১২/২০২১

ৱেবছাইট

niepmd.tn.nic.in



শিক্ষাগত আৰু অন্যান্য অৰ্হতা:

পৰামৰ্শদাতা (প্ৰশাসন) : স্নাতকোত্তৰ ডিগ্ৰী

অভিজ্ঞতা : কেন্দ্ৰীয় চৰকাৰ শাসিত/ চেক্ৰেটেৰিয়েল সেৱাত অভিজ্ঞতা থাকিব লাগিব। ভাৰত চৰকাৰৰ কাৰ্য্যালয় কাৰ্য্যবিধি আৰু নিয়মাৱলীৰ জ্ঞান।

পৰামৰ্শদাতা (একাউণ্ট) : বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট niepmd.tn.nic.in খোলক

• NIEPMD কেৰিয়াৰ বা নিযুক্তিৰ যোগে আৱেদন কৰিবলৈ ইচ্ছুক পদ খোলক

• আৱেদন কৰিব বিচৰা পদৰ অধিসূচনা আৰু অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• শুদ্ধ তথ্যৰে আৱেদন পূৰণ কৰক

• তাত পাছত ১৫/১২/২০২১তাৰিখে অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ বাবে উল্লেখিত ঠিকনাত উপস্থিত হওঁক

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক প্ৰাৰ্থী সকলক অহা ১৫/১২/২০২১ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰত উপস্থিত হ'বলৈ আহ্বান জনোৱা হ'ল।

স্থান : NIEPMD, ইষ্ট কষ্ট ৰোড, মুত্তুকাডো, চেন্নাই ৬০৩১১২


আৰু পঢ়ক : ভাৰতীয় তথ্য প্ৰযুক্তি, ডিজাইন আৰু নিৰ্মাণ প্ৰতিষ্ঠান, জবলপুৰ নিযুক্তি ২০২২: জুনিয়ৰ ৰিচাৰ্চ ফেলো পদখালী


Next Story