Begin typing your search above and press return to search.

ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত উপ-প্ৰৱন্ধকৰ পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত উপ-প্ৰৱন্ধকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2021 12:15 PM GMT

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ঃ ভাৰতৰ সংসদে ১৯৮৮ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আইন (NHAI Act, 1988)-ৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ স্থাপন কৰে। ইয়াৰ উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ উন্নয়ন, ব্যৱস্থাপনা আৰু চোৱাচিতাৰ বাবে এটা কৰ্তৃপক্ষ গঠন কৰা । এন এইচ আইৰ হাতত ৫০, ৩২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ কৰ্তৃত্ব দিয়া হৈছে।

শেহতীয়াভাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১৭ টা উপ-প্ৰৱন্ধক পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

এই পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।


এন এইচ এ আইৰ চাকৰিৰ বিষয়ে

পদৰ নাম

উপ-প্ৰৱন্ধক (বিত্ত আৰু গণনা)

আবেদনৰ মাচুল

মাচুলঃ ৫০০টকা (বেংকৰ মাচুল সুকীয়া)। এছ চি-এছ টি, বিশেষভাবে সক্ষমৰ আবেদন মাচুল নাই। ই ডব্লিউ এচৰ ৩০০টকা (বেংকৰ মাচুল অতিৰিক্ত)।

খালী পদ

১৭টা। ইয়াৰে ৬ টা অ-সংৰক্ষিত হোৱাৰ বিপৰীতে ০৩টা এছ চি, ১ টা এছ টি, ৫ টা অ বি চি (এন চি এল) আৰু ২ টা ই ডব্লিউ এছ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

দৰমহা

৫৬,১০০ হেজাৰ টকাৰ পৰা ১, ৭৭, ৫০০ টকাৰ লগতে ৫,৪০০ হেজাৰ টকাৰ গ্ৰেড পে।

বয়সৰ সীমা

আবেদন গ্ৰহণৰ শেষ তাৰিখত ৩৫ বছৰতকৈ অধিক হব নালাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

২৯-১১-২০২১।

শিক্ষাগত অৰ্হতা

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নিয়মীয়া পাঠ্যক্ৰমৰ বাণিজ্যৰ স্নাতক বা চাৰ্টাৰ্ড একাইনটেণ্ট হব লাগিব। নতুবা এম বি এ (বিত্ত) হব লাগিব। নতুবা কেনদ্ৰীয় বা ৰাজ্য চৰকাৰৰ সংগঠিত বিত্ত গণনাৰ সৈতে সম্পৰ্ক থকা সেৱাৰ সদস্য হব লাগিব। শিক্ষা সমাপ্তিৰ পাছত চাৰি বছৰৰ কৰ্ম-অভিজ্ঞতা থাৈকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে https://nhai.gov.in জৰিয়তে আবেদন জনাব পাৰে।

বাছনি প্ৰক্ৰিয়া

পৰীক্ষা আৰু সাক্ষাতকাৰৰ ওপৰত আধাৰিত হ'ব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি