Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমত কনিষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) অসমে কনিষ্ঠ আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমত কনিষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2022 9:28 AM GMT

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) সম্পৰ্কে -


২০১৩-ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন আৰু ৰাষ্ট্ৰীয় নগৰ স্বাস্থ্য মিছনক চামিল কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) গঠন কৰে। ইয়াৰ ম্যাদ ২০১৯ লৈকে আৰু পৰবৰ্তী সময়ত বৃদ্ধি কৰা হয় মাৰ্চ ২০২০পৰ্যন্ত বৃদ্ধি কৰা হয়।

এই প্ৰতিষ্ঠানত মুখ্য বিষয়া হৈছে মিছন সঞ্চালক আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ অধীনত ইয়াৰ চোৱাচিতা কৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সঞ্চালকসকলে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন, বৰ্তমানৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰাৰম্ভনি ঘটিছিল ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰামীণ ক্ষেত্ৰী সমূহত বসবাস কৰা লোক সকলৰ স্বাস্থ্য সম্বন্ধীয় প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে। ২০০৫-ৰ ১২ এপ্ৰিলত এই মিছন উদ্ভোধন কৰে তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ।


ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম)-অসমত নিযুক্তি ২০২২ঃ

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) অসমে কনিষ্ঠ আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত পদৰ সংখ্যা, প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা আদিৰ বিষয়ে চাব পাৰে।



আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

কনিষ্ঠ আৱাসিক চিকিত্সক।

খালী পদ

২০০ টা।

দৰমহা

মাহিলী ৫০ হেজাৰৰ টকা।

চাকৰিৰ স্থান

অসমৰ সকলো চিকিসত্সা মহাবিদ্যালয় আৰু হাস্পতালত।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

৪ জানুৱাৰী, ২০২২।

বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ।

বয়সৰ সীমা


তথ্য উপলব্ধ নহয়।


আবেদনৰ মাচুল

নাই।

শিক্ষাগত অৰ্হতা :

প্ৰাৰ্থী এম বি বি এছ অথবা সম-পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰা হব লাগিব।

পঞ্জীয়নঃ অসম চিকিত্সা পৰিষদত পঞ্জীয়ন থাকিব লাগিব।

অগ্ৰাধিকাৰঃ

ক) i)অসমৰ চিকিত্সা শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সংশোধিত মেধা তালিকাত নাম থকা নীট- পি জিৰ ২০২১-২২ উত্তীৰ্ণ হোৱাসকল।

খ) অসমৰ এন এইচ এমৰ অধীনত চিকিত্সা সেৱা আগবঢ়োৱাৰ ন্যূনতম ১ বছৰৰ অভিজ্ঞতা থকাসকলে অগ্ৰাধিকাৰ পাব।




আৰু চাব পাৰে :ডি এম এইচ অ' নিযুক্তি ২০২২ - ০৮ গৰাকী কণিষ্ঠ সহকাৰী, টাইপিষ্টৰ পদ খালী


Next Story
চাকৰি