Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম), মধ্য প্ৰদেশত পদ খালী

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম), মধ্য প্ৰদেশে পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম), মধ্য প্ৰদেশত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Dec 2021 10:51 AM GMT

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) সম্পৰ্কে -


২০১৩-ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন আৰু ৰাষ্ট্ৰীয় নগৰ স্বাস্থ্য মিছনক চামিল কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) গঠন কৰে। ইয়াৰ ম্যাদ ২০১৯ লৈকে আৰু পৰবৰ্তী সময়ত বৃদ্ধি কৰা হয় মাৰ্চ ২০২০পৰ্যন্ত বৃদ্ধি কৰা হয়। এই প্ৰতিষ্ঠানত মুখ্য বিষয়া হৈছে মিছন সঞ্চালক আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ অধীনত ইয়াৰ চোৱাচিতা কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সঞ্চালকসকলে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন, বৰ্তমানৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰাৰম্ভণি ঘটিছিল ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰামীণ ক্ষেত্ৰী সমূহত বসবাস কৰা লোক সকলৰ স্বাস্থ্য সম্বন্ধীয় প্ৰয়োজন সমূহ পূৰণ কৰিবৰ বাবে।

এই মিছনৰ উদ্ভোধন কৰিছিল ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে ২০০৫-ৰ ১২ এপ্ৰিলত। চিকিত্সা সেৱা ভালদৰে উপলব্ধ নোহোৱা অঞ্চলসমূহলৈ এন এইচ এমে স্বাস্থ্য সেৱাৰ যোগান ধৰে।

লগতে চিকিত্সকসকলৰ দক্ষতাৰ প্ৰসাৰৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে। একেদৰে এ এন এমৰ দৰে স্বাস্থ্যকৰ্মীসকল আৰু ষ্টাফ নাৰ্ছৰ সামৰ্থ বৃদ্ধিও কৰে এন এইচ এমে। তদুপৰি এন এইচ এমে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চি এই চি, জিলা হাস্পতালসমূহত আয়ুস সেৱাৰ বাবে সেৱা আগবঢ়ায়।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম), মধ্য প্ৰদেশত পদ খালীঃ


ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম), মধ্য প্ৰদেশে পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে :

পদৰ নাম

পৰীক্ষাগাৰ টেকনিচিয়ান।

খালী পদ

২৮৩ টা।

দৰমহা

মাহিলী ১৫ হেজাৰ টকা।

চাকৰিৰ স্থান

ভূপাল (মধ্য প্ৰদেশ)

বয়সৰ সীমা

০১-০১-২০২২-ত ২১ ৰ পৰা ৪০ বছৰ।

আৱেদন মাছুল

নাই।

ৱেবছাইট

sams.co.in

আবেদনৰ শেষ তাৰিখ

৩০ জানুৱাৰী, ২০২২।

শিক্ষাগত অৰ্হতা :

ইচ্ছুক প্ৰাৰ্থীসকল কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা বি এছ চি, বি এম এল টি বা ডি এম এল টি হব লাগিব।


কেনেদৰে আবেদন জনাবঃ

ইচ্ছ্যুক প্ৰাৰ্থীয়ে ২০২২ৰ ১ জানুৱাৰীৰ পৰা ২০২২ৰ ৩০ৰ ভিতৰত এন এইচ এম মধ্যপ্ৰদেশৰ ৱেবছাইট sams.co.in-ৰ পৰা আবেদন জনাব পাৰিব।


আৰু চাব পাৰে : জে এন ইউত কাৰ্যবাহী অভিযন্তাৰ পদখালী


Next Story
চাকৰি