ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম), য়াভটমলত পদ খালী

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম), য়াভটমলে চিকিত্সা বিষয়া আৰু ষ্টাফ নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম), য়াভটমলত পদ খালী

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) সম্পৰ্কে -

২০১৩-ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন আৰু ৰাষ্ট্ৰীয় নগৰ স্বাস্থ্য মিছনক চামিল কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) গঠন কৰে। ইয়াৰ ম্যাদ ২০১৯ লৈকে আৰু পৰবৰ্তী সময়ত বৃদ্ধি কৰা হয় মাৰ্চ ২০২০পৰ্যন্ত বৃদ্ধি কৰা হয়।

এই প্ৰতিষ্ঠানত মুখ্য বিষয়া হৈছে মিছন সঞ্চালক আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ অধীনত ইয়াৰ চোৱাচিতা কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সঞ্চালকসকলে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন, বৰ্তমানৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰাৰম্ভণি ঘটিছিল ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰামীণ ক্ষেত্ৰী সমূহত বসবাস কৰা লোক সকলৰ স্বাস্থ্য সম্বন্ধীয় প্ৰয়োজন সমূহ পূৰণ কৰিবৰ বাবে। এই মিছনৰ উদ্ভোধন কৰিছিল ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে ২০০৫-ৰ ১২ এপ্ৰিলত।

চিকিত্সা সেৱা ভালদৰে উপলব্ধ নোহোৱা অঞ্চলসমূহলৈ এন এইচ এমে স্বাস্থ্য সেৱাৰ যোগান ধৰে। লগতে চিকিত্সকসকলৰ দক্ষতাৰ প্ৰসাৰৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে। একেদৰে এ এন এমৰ দৰে স্বাস্থ্যকৰ্মীসকল আৰু ষ্টাফ নাৰ্ছৰ সামৰ্থ বৃদ্ধিও কৰে এন এইচ এমে। তদুপৰি এন এইচ এমে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চি এই চি, জিলা হাস্পতালসমূহত আয়ুস সেৱাৰ বাবে সেৱা আগবঢ়ায়। 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম), য়াভটমলত পদ খালীঃ 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম), য়াভটমলে চিকিত্সা বিষয়া আৰু ষ্টাফ নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

প্ৰাৰ্থীসকলে পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল তলত পৰীক্ষা কৰিব পাৰে :-

পদৰ বিৱৰণ

 প্ৰয়োজনীয় তথ্য

পদৰ নাম

চিকিত্সা বিষয়া, ষ্টাফ নাৰ্ছ। 

খালী পদ 

০৫ টা। 

বয়সৰ সীমা 

৩০-১২-২০২১-ত ৩৮-ৰ পৰা ৪৩ বছৰ। 

ৱেবছাইট

 yavatmal.gov.in

চাকৰিৰ স্থান

য়াভটমল, মহাৰাষ্ট্ৰ। 

অন্তিম তাৰিখ

৪ জানুৱাৰী, ২০২২ 

পদৰ সবিশেষঃ 

চিকিত্সা বিষয়াঃ 

খালী পদৰ সংখ্যাঃ ১ টা। 

ষ্টাফ নাৰ্ছ

খালী পদৰ সংখ্যাঃ ২টা। 

ফাৰ্মাচিউটিকেল বিষয়াঃ 

খালী পদৰ সংখ্যাঃ১ টা। 

পৰীক্ষাগাৰ টেকনিচিয়ান

খালী পদৰ সংখ্যাঃ১ টা। 

দৰমহাৰ সবিশেষঃ 

চিকিত্সা বিষয়াঃ মাহিলী ৩০ হেজাৰ টকা। 

ষ্টাফ নাৰ্ছঃ মাহিলী ২০ হেজাৰ টকা।

ফাৰ্মাচিউটিকেল বিষয়াঃ মাহিলী ২৭ হেজাৰ টকা। 

শিক্ষাগত অৰ্হতাঃ  

চিকিত্সা বিষয়াঃ জাননী অনুসৰি। 

 ষ্টাফ নাৰ্ছঃ জি এন এম। 

ফাৰ্মাচিউটিকেল বিষয়াঃ দ্বাদশ শ্ৰেণী, ডি ফাৰ্ম। 

 পৰীক্ষাগাৰ টেকনিচিয়ানঃ দ্বাদশ শ্ৰেণী, ডিপ্লমা। 

●প্ৰথমে, অফিচিয়েল ৱেবছাইটyavatmal.gov.in চাওক

● আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰ অপচন চাওক।

● সংশ্লিষ্ট পদৰ  অপচন খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

●আবেদন প্ৰপত্ৰ পূৰণ কৰাৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

●কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

●আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখত বা তাৰ আগতে পোৱাকৈ আবেদন প্ৰেৰণ কৰক ( শেষ তাৰিখঃ ৪ জানুৱাৰী, ২০২২) আবেদনৰ নম্বৰ বা স্বীকৃতিপ্ৰাপ্তি টোকাৰ নম্বৰ সংগ্ৰহ কৰিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া : সাক্ষাতকাৰ। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com