ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগম (NHPC)-ত আই টি আই এপ্ৰেণ্টিচ নিযুক্তি

ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগমে এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগম (NHPC)-ত আই টি আই এপ্ৰেণ্টিচ নিযুক্তি

ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগমৰ বিষয়েঃ

ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগম লিমিটেড (NHPC Limited) হৈছে দেশৰ সৰ্ববৃহত্ জলবিদ্যুত উন্নয়ন সংস্থা। ইয়ে বিভিন্ন জলবিদ্যুত প্ৰকল্প ৰূপায়ন কৰে। তদুপৰি ইয়ে সৌৰ আৰু বতাহ শক্তিৰ কামো কৰে। বৰ্তমানে এন এইচ পি চিয়ে ২৪টা শক্তিকেন্দ্ৰৰ পৰা ৭০৭১.২ মেগাৱাট শক্তি উত্পাদন কৰে। বৰ্তমানে এন এইচ পি চিয়ে ৯ টা প্ৰকল্পৰ কাম কৰি আছে। এই প্ৰকল্পসমূহৰ মুঠ ক্ষমতা ৫৯৯৯ মেগাৱাট। এই প্ৰক্লপসমূহৰ মাজত ২ টা জলবিদ্যুত প্ৰকল্পও আছে। ইয়াৰে এটা হৈছে ২০০০ মেগাৱাটৰ নামনি সোৱণশিৰি প্ৰকল্প আৰু ৮০০ মেগাৱাটৰ পাৰ্বতী-২ এইচ ই পি। লগতে ওডিছাত এটা ৪০ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্পৰ কামো ই কৰি আছে। তদুপৰি ই যুটীয়াভাবে আন প্ৰতিষ্ঠানৰ লগতো বিদ্যুত শক্তি উত্পাদন প্ৰকল্পৰো কাম কৰি আছে।

ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগমৰ নিযুক্তি-২০২২ঃ 

 ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগমে এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আবেদন গ্ৰহণৰ পূৰ্বে আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন জনাব পাৰে। 

প্ৰাৰ্থীসকলে  পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

এপ্ৰেণ্টিচ। 

পদৰ সংখ্যা

১৭ টা। 

দৰমহা

মাহিলী ৭,৭০০ টকা। 

চাকৰিৰ স্থান

ধেমাজি( অসম)। 

বয়সৰ সীমা

১৮-ৰ পৰা ৩০ বছৰ। 

অন্তিম তাৰিখ

 ২৮ ফেব্ৰুৱাৰী, ২০২২। 

ৱেবছাইট

nhpcindia.com

পদৰ সবিশেষঃ 

ৱেল্ডাৰ

খালী পদৰ সংখ্যাঃ ৮টা। 

ফিটাৰ

খালী পদৰ সংখ্যাঃ ৫টা। 

ছাৰ্ভেয়ৰ

খালী পদৰ সংখ্যাঃ ৪টা। 

শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আই টি আইৰ পৰা চাৰ্টিফিকেট। 

আবেদন প্ৰক্ৰিয়াঃ 

প্ৰথমে এন এইচ পি চিৰ ৱেবছাইট nhpcindia.com চাব।

তাৰ পাছতে এন এইচ পি চিৰ চাকৰিৰ অধিসূচনাৰ কেৰিয়াৰ বা নিযুক্তি অপচন চাব। 

এপ্ৰেণ্টিচ চাকৰিৰ অফিচিয়েল লিংক ডাউনলোড কৰিব। 

আবেদন পূৰণৰ পূৰ্বে আবেদন গ্ৰহণৰ শেষ তাৰিখ চাব। 

কোনো ভুল নোহোৱাকৈ আবেদন প্ৰ-পত্ৰ পূৰণ কৰিব। 

আবেদন গ্ৰহণৰ শেষ তাৰিখ অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত পোৱাকৈ আবেদন প্ৰেৰণ কৰিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com