Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগমত কনিষ্ঠ অভিযন্তা পদ খালী

ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগমে কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগমত কনিষ্ঠ অভিযন্তা পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Jan 2022 7:56 AM GMT


ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগমৰ বিষয়েঃ

ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগম লিমিটেড (NHPC Limited) হৈছে দেশৰ সৰ্ববৃহত্ জলবিদ্যুত উন্নয়ন সংস্থা। ইয়ে বিভিন্ন জলবিদ্যুত প্ৰকল্প ৰূপায়ন কৰে। তদুপৰি ইয়ে সৌৰ আৰু বতাহ শক্তিৰ কামো কৰে। বৰ্তমানে এন এইচ পি চিয়ে ২৪টা শক্তিকেন্দ্ৰৰ পৰা ৭০৭১.২ মেগাৱাট শক্তি উত্পাদন কৰে।

বৰ্তমানে এন এইচ পি চিয়ে ৯ টা প্ৰকল্পৰ কাম কৰি আছে। এই প্ৰকল্পসমূহৰ মুঠ ক্ষমতা ৫৯৯৯ মেগাৱাট। এই প্ৰক্লপসমূহৰ মাজত ২ টা জলবিদ্যুত প্ৰকল্পও আছে। ইয়াৰে এটা হৈছে ২০০০ মেগাৱাটৰ নামনি সোৱণশিৰি প্ৰকল্প আৰু ৮০০ মেগাৱাটৰ পাৰ্বতী-২ এইচ ই পি। লগতে ওডিছাত এটা ৪০ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্পৰ কামো ই কৰি আছে। তদুপৰি ই যুটীয়াভাবে আন প্ৰতিষ্ঠানৰ লগতো বিদ্যুত শক্তি উত্পাদন প্ৰকল্পৰো কাম কৰি আছে।

ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগমৰ নিয়ুক্তি-২০২২ঃ

ৰাষ্ট্ৰীয় জলবিদ্যুত শক্তি নিগমে কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ



প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

কনিষ্ঠ অভিযন্তা।

পদৰ সংখ্যা

১৩৩ টা।

দৰমহা

মাহিলী ২৯,৬০০ টকাৰ পৰা ১, ১৯, ৫০০ টকা।

চাকৰিৰ স্থান

ভাৰতৰ যিকোনো স্থানত।

বয়সৰ সীমা

সৰ্বোচ্চ ৩০ বছৰ।

অন্তিম তাৰিখ

২১ ফেব্ৰুৱাৰী, ২০২২।

ৱেবছাইট

nhpcindia.com


শিক্ষাগত অৰ্হতাঃ

কনিষ্ঠ অভিযন্তা (চিভিল)ঃ ডিপ্লমা. চিভিল ইঞ্জিনীয়াৰিঙৰ বি ই বা বি টেক।

কনিষ্ঠ অভিযন্তা (বৈদ্যুতিক)ঃ ডিপ্লমা. বৈদ্যুতিক ইঞ্জিনীয়াৰিঙৰ বি ই বা বি টেক।

কনিষ্ঠ অভিযন্তা (মেকানিকেল)ঃ ডিপ্লমা, মেকানিকেল ইঞ্জিনীয়াৰিঙৰ বি ই বা বি টেক।


আবেদনৰ নিয়মঃ ৩১-০১-২০২২ৰ পৰা ২১ ফেবুৱাৰী, ২০২২ লৈকে nhpcindia.com-ৰ পৰা আবেদন জনাব পাৰিব।






আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি