ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ পদ খালী

ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ পদ খালী

ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(নিফট)-এ নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ কনিষ্ঠ সহায়ক, পৰীক্ষাগাৰ সহায়ক আদি।

খালী পদৰ সংখ্যাঃ ৯টা।

নিযুক্তিৰ স্থানঃ শ্ৰীনগৰ।

বয়সৰ সীমাঃ ২১ৰ পৰা ৪০ বছৰ। অৱশ্যে নিফটৰ কৰ্মচাৰী আৰু উচ্চ শিক্ষা থকা প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৮-২০২০।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৫০০ টকা অনলাইনযোগে আদায় দিব লাগিব। এছ চি-এছ টি, মহিলা প্ৰাৰ্থী আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে। এবাৰ পৰিশোধ কৰা মাচুল কোনো পৰিস্থিতিতে ঘূৰাই দিয়া নহয়।

ঠিকনাঃ Address: NIFT Campus, SIDCO Electronic Complex, Rangreth, Srinagar191132, J&K।

আবেদনৰ নিয়মঃ এই প্ৰতিষ্ঠানৰ বেৱছাইট www.nift.ac.in/srinagarত আবেদন পাব। এই ৱেবচাইটৰ জৰিয়তে আবেদন জনাব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com