ৰাষ্ট্ৰীয় উদ্ভিদ জিন গৱেষণা প্ৰতিষ্ঠান (NIPGR)-ত প্ৰকল্প বিজ্ঞানীৰ পদ খালী
ৰাষ্ট্ৰীয় উদ্ভিদ জিন গৱেষণা প্ৰতিষ্ঠান (NIPGR)-এ প্ৰকল্প বিজ্ঞানী-১ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ৰাষ্ট্ৰীয় উদ্ভিদ জিন গৱেষণা প্ৰতিষ্ঠান (NIPGR)-ৰ বিষয়েঃ
ৰাষ্ট্ৰীয় উদ্ভিদ জিন গৱেষণা প্ৰতিষ্ঠান (NIPGR) হৈছে ভাৰত চৰকাৰৰ জীৱ-প্ৰযুক্তিবিদ্যা বিভাগৰ সাহায্যপ্ৰাপ্ত এটা স্বতন্ত্ৰৰীয়া প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ পূৰ্বৰ নাম আছিল ৰাষ্ট্ৰীয় উদ্ভিদ জিন গৱেষণা কেন্দ্ৰ। অধ্যাপক ডঃ জগদীশ চন্দ্ৰ বসুৰ জন্মবাৰ্ষিকী আৰু দেশৰ স্বাধীনতাৰ ৫০ বছৰ পূৰ্তিৰ সৈতে মিলাই এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠান স্থাপনৰ বিষয়ে ১৯৯৭ৰ ৩০ অক্টোবৰত আনুষ্ঠানিক ঘোষণা কৰা হয়। এই প্ৰতিষ্ঠানে ভাৰতক উদ্ভিদৰ জিনৰ গৱেষণাৰ ক্ষেত্ৰত প্ৰধান বৰঙণি দাতাত পৰিণত কৰিছে। এয়া আশা কৰা হৈছে যে আগন্তুক বছৰবোৰত ৰাষ্ট্ৰীয় উদ্ভিদ জিন গৱেষণা প্ৰতিষ্ঠান (NIPGR)-এ খাদ্য শস্যকে ধৰি উদ্ভিদৰ জিনৰ গৱেষণাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক অনবদ্য ভূমিকা পালন কৰিব।
ৰাষ্ট্ৰীয় উদ্ভিদ জিন গৱেষণা প্ৰতিষ্ঠান (NIPGR)-ত নিযুক্তি-২০২২ঃ
ৰাষ্ট্ৰীয় উদ্ভিদ জিন গৱেষণা প্ৰতিষ্ঠান (NIPGR)-এ প্ৰকল্প বিজ্ঞানী-১ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে:
পদৰ নাম | প্ৰকল্প বিজ্ঞানী-১ |
খালী পদৰ সংখ্যা | ০২ টা। |
বয়সৰ সীমা | ০৪-০২-২০২২-ত সৰ্বোচ্চ ৩৫ বছৰ। |
দৰমহা | মাহিলী ৫৬ হেজাৰ টকা। |
চাকৰিৰ স্থান | দিল্লী। |
আবেদনৰ অন্তিম তাৰিখ | ২৮ জানুৱাৰী, ২০২২। |
আবেদনৰ মাচুল | মাচুল নাই। |
ৱেবছাইট | nipgr.ac.in |
শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:
স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা এম ই / এম টেক, পি এইচ ডি হব লাগিব।
অভিজ্ঞতাৰ বিৱৰণঃ প্ৰাৰ্থীৰ Bioinformatics & genomics আৰু Molecular Biology তথা Proteomics-ত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদন প্ৰক্ৰিয়াঃ
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৮ জানুৱাৰীলৈকে nipgr.ac.in-ৰ পৰা আবেদন জনাব পাৰে।
ছফট কপি shailesh@nipgr.ac.in-লৈ প্ৰেৰণ কৰিব পাৰে।
আৰু চাব পাৰে :NIPER গুৱাহাটী নিযুক্তি ২০২২ - জে.আৰ.এফ., প্ৰকল্প সহায়ক খালী পদ