Begin typing your search above and press return to search.

নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী, অৰুণাচল প্ৰদেশত পদখালী

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

নেচনেল ইনষ্টিটিউট অৱ টেকনলজী, অৰুণাচল প্ৰদেশত পদখালী

RaktimBy : Raktim

  |  28 Aug 2021 11:09 AM GMT

নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী, অৰুণাচল প্ৰদেশত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল' ।

পদ : ০১টা।

দৰমহা : ৩১, ০০০ ( মাহিলী)

ঠিকনা : পাড়ুমপুৰা, অৰুণাচল প্ৰদেশ

অন্তিম তাৰিখ : ৩০/০৮/২০২১

ৱেবছাইট : nitap.ac.in

শিক্ষাগত অৰ্হতা : • ECE/ CSE বিভাগত BE/ B Tech উত্তীৰ্ণ হ'ব লাগিব, লগতে প্ৰমাণিত GATE/ NET ৰ সাফল্যাংক থাকিব লাগিব আৰু ইয়াৰ নূন্যতম CGPA হ'ব লাগিব ৭.০, ১০ৰ ভিতৰত আৰু সংখ্যাত ৭০%।

• ECE/ CSE বিভাগত M Tech/ ME উত্তীৰ্ণ হ'ব লাগিব, লগতে পঢ়ি থকা অৱস্থাত GATE/AIET অৰ্হতা প্ৰাপ্ত হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ www.nitap.ac.in ৱেবচাইটটোৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আবেদন সম্পূৰ্ণৰূপে পূৰাই দৰকাৰী নথিপত্ৰৰ সৈতে ডাঃ যাং চাৰিঙৰ মেইলত ৩০ আগষ্ট ২০২১ত, আবেলি ৫বজাৰ আগত পঠিয়াব লাগিব। সংক্ষিপ্ত তালিকাভুক্ত প্ৰাৰ্থীসকলক ২ ছেপ্টেম্বৰ তাৰিখে সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব।

মনত ৰাখিব যে মেইলৰ বিষয়ত " JRF application for project no. ECE/PNS/02/20201SERB" লিখা থাকিব লাগিব।

মেইল : vs.nitap@gmail.com.in

Next Story
চাকৰি