ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মিজোৰামত পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মিজোৰামত পদখালী
Published on

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মিজোৰামত নেটৱৰ্ক অভিযন্তাৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : নেটৱৰ্ক অভিযন্তা ।

খালী পদৰ সংখ্যা : ০১টা

দৰমহা : ৪০,০০০ টকা (মাহিলী)।

বয়সৰ সীমা : ৩৫ বছৰ

নিযুক্তিৰ স্থান : মিজোৰামত।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩১/০৮/২০২১

আবেদনৰ মাছুল : সাধাৰণ শ্ৰেণী : ৫০০ টকা।

SC/ ST/ EWS : ২০০ টকা।

আবেদন মাছুলৰ প্ৰক্ৰিয়া : অনলাইন

ৱেবচাইট : nitmz.ac.in

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/ মণ্ডল/ অনুষ্ঠানৰ পৰা কম্পিউটাৰ বিজ্ঞান আৰু অভিযন্ত্ৰিক/ জ্ঞান প্ৰযুক্তিবিদ্যা/ কোনো সম বিষয়ত ডিপ্লোমা কৰা হ'ব লাগিব আৰু তাৰ লগত CCNP/ CCNA মানপত্ৰ থাকিব লাগিব।

• কোনো চৰকাৰী/ বিশ্ববিদ্যালয়/ অনুষ্ঠান/ খ্যাত ফাৰ্মত নেটৱৰ্কৰ সমস্যা সমাধানৰ অৰ্হতা থাকিব লাগিব। তদুপৰি নেটৱৰ্ক অভিযন্তাৰ ১ বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ, প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিম্নোক্ত কাৰ্যালয়লৈ অন্তিম তাৰিখ ৩১ আগষ্ট ২০২১ৰ আগত পঠাব পাৰিব।

ঠিকনা : পঞ্জীয়ক, ৰাষ্ট্ৰীয় কাৰিকৰী অনুষ্ঠান, মিজোৰাম, চলটলাং, আইজল, মিজোৰাম ৭৯৬০১২।

বাছনি প্ৰক্ৰিয়া সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com