Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, নগালেণ্ডত সহকাৰী অধ্যাপকৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, নগালেণ্ডত সহকাৰী অধ্যাপকৰ পদখালী

RaktimBy : Raktim

  |  26 Aug 2021 8:43 AM GMT

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, নগালেণ্ডত সহকাৰী অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : সহকাৰী অধ্যাপক ( গ্ৰেড - ১)

খালী পদৰ সংখ্যা : ০৫

দৰমহা : বেতনৰ পৰ্যায় ১২

বয়স : বয়সৰ কোনো বাধ্যতা নাই।

নিযুক্তিৰ স্থান : ডিমাপুৰ, নাগালেণ্ড

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৭/১০/২০২১

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালৰ পৰা প্ৰাসংগিক বিষয়ত B.E./ B. Tech লগতে M.E./ M. Tech আৰু PhD কৰা হ'ব লাগিব। উল্লেখযোগ্য যে ডিগ্ৰীসমূহত প্ৰথম শ্ৰেণী থাকিবই লাগিব।

• PhD ৰ পাছত ৩ বছৰ নতুবা সম্পূৰ্ণ ৬বছৰ শিক্ষকতা আৰু গৱেষণাত কোনো খ্যাত প্ৰশাসনিক অনুষ্ঠান/ গৱেষণা আৰু উন্নতি গৱেষণাগাৰ/ প্ৰাসংগিক উদ্যোগত কৰ্মৰত অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ, প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে দ্ৰুত ডাক/ পঞ্জীভূত ডাকৰ জৰিয়তে আমাৰ কাৰ্যালয়লৈ অন্তিম তাৰিখ ০৭ অক্টোবৰ ২০২১ৰ আগত প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : পঞ্জীয়ক, ৰাষ্ট্ৰীয় কাৰিকৰী অনুষ্ঠান, চুমুকেদিমা, ডিমাপুৰ, নাগালেণ্ড, ৭৯৭১০৩।

লেফাফাৰ ওপৰত আবেদন কৰা পদৰ নাম উল্লেখ কৰিব।

উদাহৰণ : " Application for Recruitment for the post of ........ বিজ্ঞাপন নম্বৰ"।

Next Story
চাকৰি