ফেলো নিযুক্তিৰ বাবে এন আই টি ছিকিমৰ আবেদন আহ্বান

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ফেলো নিযুক্তিৰ বাবে এন আই টি ছিকিমৰ আবেদন আহ্বান

এন আই টি ছিকিমে নিম্নোক্ত পদসমূহত ফেলো নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ 

১) প'ষ্ট ডক্টৰেল ফেলো। 

খালী পদৰ সংখ্যাঃ ১টা। 

প্ৰকল্পৰ নামঃ Design of Efficient and Secure Internet of Things (IoT) Communication Framework in Context of Content Centric Network (CCN) using Elliptic Curve Cryptography (ECC) – A Next Generation Smart Communication Technology। 

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিং অথবা তথ্য-প্ৰযুক্তিৰ পি এইচ ডি হব লাগিব। লগতে Information/Network Security-ৰ স্পেচিয়েলাইজেচন থাকিব লাগিব। পি এইচ ডিৰ গৱেষণা পত্ৰ জমা দিয়া ছাত্ৰ-ছাত্ৰীয়েও আবেদন জনাব পাৰিব। এছ চি আইৰ পত্ৰিকাত পত্ৰ প্ৰকাশ বিচৰা হব পাৰে। 

দৰমহাঃ মাহিলী ৫৪ হেজাৰ টকাৰ লগতে ঘড়ভাড়া ভাট্টা(যদি এই প্ৰতিষ্ঠানে থকাৰ ব্যৱস্থা কৰি নিদিয়ে)।

২) জুনিয়ৰ ৰিচাৰ্ছ ফেলো

খালী পদৰ সংখ্যাঃ ১টা। 

প্ৰকল্পৰ নামঃ Design of Efficient and Secure Internet of Things (IoT) Communication Framework in Context of Content Centric Network (CCN) using Elliptic Curve Cryptography (ECC) – A Next Generation Smart Communication Technology। 

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম ৬৫ শতাংশ নম্বৰসহ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিং অথবা তথ্য-প্ৰযুক্তিৰ  বি ই/ বি টেক /এম ই / এম টেক হব লাগিব। লগতে গেট বা নেট থাকিব লাগিব। 

দৰমহাঃ মাহিলী ৩১ হেজাৰ টকাৰ লগতে ঘড়ভাড়া ভাট্টা(যদি এই প্ৰতিষ্ঠানে থকাৰ ব্যৱস্থা কৰি নিদিয়ে)।

নিযুক্তিৰ স্থানঃ ছিকিম। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫ অক্টোবৰ, ২০২১।

আবেদন মাচুলঃ তথ্য উপলব্ধ নহয়। 

আবেদন অহা ২৫ অক্টোবৰৰ ভিতৰত ray.cse@nitsikkim.ac.in-লৈ প্ৰেৰণ কৰিব পাৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com