Begin typing your search above and press return to search.

নিটি আয়োগত জ্যেষ্ঠ বিশেষজ্ঞ- বিশেষজ্ঞৰ পদ খালী

এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাব

নিটি আয়োগত জ্যেষ্ঠ বিশেষজ্ঞ- বিশেষজ্ঞৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Feb 2022 9:49 AM GMT

নিটি আয়োগৰ বিষয়েঃ

নিটি আয়োগ হৈছে ভাৰত চৰকাৰৰ আগশাৰীৰ নীতি বিশেষজ্ঞ সংস্থা। এই সংস্থাই নীতিৰ ক্ষেত্ৰত দিহা-পৰামৰ্শ আগবঢ়ায়। ভাৰত চৰকাৰৰ বাবে দীৰ্ঘম্যাদী নীতি আৰু কৰ্মসূচী প্ৰস্তুত কৰাৰ উপৰি নিটি আয়োগে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰশাসনৰ বাবে প্ৰাসংসিক কাৰিকৰী পৰামৰ্শ আগবঢ়ায়।

নিটি আয়োগে জ্যেষ্ঠ বিশেষজ্ঞ. বিশেষজ্ঞৰ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। এই নিযুক্তি দিল্লীত হব। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

নিটি আয়োগৰ নিযুক্তি ২০২২ঃ নিটি আয়োগে সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:



এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

জ্যেষ্ঠ বিশেষজ্ঞ, বিশেষজ্ঞ।

পদৰ সংখ্যা

২ টা।

দৰমহা

মাহিলী ১, ৪৫০০০ টকাৰ পৰা ২, ২০, ০০০ টকা।

চাকৰিৰ স্থান

দিল্লী, নতুন দিল্লী।

বয়সৰ সীমা

তথ্য উপলব্ধ নহয়।

অন্তিম তাৰিখ

২৮ মাৰ্চ, ২০২২।

আবেদনৰ মাচুল

কোনো আবেদন মাচুল নাই।

শিক্ষাগত অৰ্হতাঃ

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা অভিযান্ত্ৰিক বা প্ৰযুক্তিবিদ্যা, বি আৰ্ক বা বি প্লেনিং, এম বি বি এছ ডিগ্ৰীধাৰী হব লাগিব।

অভিজ্ঞতাঃ

জ্যেষ্ঠ বিশেষজ্ঞঃ সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ১০ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

বিশেষজ্ঞঃ সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ৮ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।



আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীসকলে The Under Secretary (Admn.-lA), NITI Aayog, Room No.4l8, NITI Bhavan, Sansad Marg, New Delhi-l 10001-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।



আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি