নৰ্থ-ইষ্ট ৰিজ'নেল ইনষ্টিটিউট অৱ এডুকেচনত পদখালী

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
নৰ্থ-ইষ্ট ৰিজ'নেল ইনষ্টিটিউট অৱ এডুকেচনত পদখালী
Published on

নৰ্থ-ইষ্ট ৰিজ'নেল ইনষ্টিটিউট অৱ এডুকেচনে ছিষ্টেম এনালিষ্ট তথা প্ৰগ্ৰেমাৰৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰ জনোৱা হ'ল।

পদৰ নাম : ছিষ্টেম এনালিষ্ট তথা প্ৰগ্ৰেমাৰ।

খালী পদৰ সংখ্যা : ০১টা।

বয়স : অধিকতম ৩০বছৰ

দৰমহা : ৩১,০০০টকা ( মাহিলী)

ঠিকনা : উমিয়াম, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০২/০৯/২০২১

পদৰ ধৰণ : স্থায়ী

শিক্ষাগত অৰ্হতা : এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ এপ্লিকেচন ( MCA ) অথবা BE/ BTech ( ইলেকট্ৰনিক্স আৰু কম্পিউটাৰ বিজ্ঞান ) বিষয়সহ স্নাতকোত্তৰ হ'ব লাগিব।

বিচৰা হব পাৰে :

• হাৰ্ডৱেৰ নেটৱৰ্কিং আৰু ছিষ্টেম ছিকিউৰিটীত ডিপ্লোমা কৰা হ'ব লাগিব।

• কোনো প্ৰতিষ্ঠিত সংস্থান/ অনুষ্ঠানত ৩বছৰীয়া কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

• ৱিন্দোজ আৰু লিনুক্স চাৰ্ভাৰৰ উন্নত জ্ঞান থাকিব লাগিব। লগতে ২০০ + ন'ড নেটৱৰ্ক শাসন কৰা অৰ্হতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ আৰু উল্লেখিত নথি পত্ৰ ই-মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : shillong@ncert.nic.in

• অসম্পূৰ্ণ আবেদন নাকচ কৰা হ'ব।

• পদত যোগদান কৰাৰ সময়ত শাৰীৰিক সত্যাসত্য নিৰ্ণয়ৰ বাবে শিক্ষাগত মানপত্ৰ, জন্ম প্ৰমাণপত্ৰ, অভিজ্ঞতা মানপত্ৰ আদি দেখুৱাব লাগিব।

• বাছনি কৰা প্ৰাৰ্থীয়ে যোগদানৰ সময়ত দুখন শেহতীয়া পাছপৰ্ট ফটো জমা কৰিব লাগিব।

• প্ৰথম অৱস্থাত নিযুক্তি ১বছৰৰ কাৰণে কৰা হ'ব আৰু পাছলৈ ই প্ৰাৰ্থীৰ দক্ষতাৰ ওপৰত আধাৰিত হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com