উত্তৰ-পূব ৰেলৱেত গ্যটম্যানৰ ৩২৩ টা পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
উত্তৰ-পূব ৰেলৱেত গ্যটম্যানৰ ৩২৩ টা পদ খালী
Published on

উত্তৰ-পূব ৰেলৱেৰ বিষয়েঃ

উত্তৰ-পূব ৰেলৱে হৈছে ভাৰতীয় ৰেলৱেৰ ১৮ টা মণ্ডলৰ অন্যতম এটা মণ্ডল। ইংৰাজীত ইয়াক চমুকৈ NER-বুলি কোৱা হয়। উত্তৰ-পূব ৰেলেৱৰ কাম হৈছে  নিজৰ অধীনৰ অঞ্চলত ৰেলপথৰ সম্প্ৰসাৰণ ঘটোৱা আৰু তদাৰক কৰা। উত্তৰ-পূব  ৰেলৱেৰ মুখ্য কাৰ্যালয় উত্তৰ প্ৰদেশৰ গোৰখপুৰত অৱস্থিত। উত্তৰ-পূব ৰেলৱে আৰু উত্তৰ-পূব সীমান্ত ৰেলৱে (এ এফ ৰেলৱে)-ৰ মাজত পাৰ্থক্য আছে। এই চাকৰি উত্তৰ-পূব ৰেলৱেৰ। গুৱাহাটীৰ মালিগাঁৱত মুখ্য কাৰ্যালয় থকা উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নহয়। 

ৰেলৱেই খাদ্য-সামগ্ৰীকে ধৰি বিভিন্ন সা-সমগ্ৰীও পৰিবহণ কৰে। ৰেলৱেৰ জৰিয়তে দেশত খাদ্য-সামগ্ৰীৰ পৰিবহণ  সহজে হয়। এনেদৰে ৰেলৱেই দেশত খাদ্য সুৰক্ষা নিশ্চিত কৰি আহিছে। উত্তৰ-পূব ৰেলৱেই গ্যাটম্যান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

উত্তৰ-পূব ৰেলৱেত নিযুক্তি-২০২২ঃ 

উত্তৰ-পূব ৰেলৱেই গ্যটম্যান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে। 

 প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

গ্যাটম্যান

খালী পদৰ সংখ্যা

৩২৩টা। 

বয়সৰ সীমা

সৰ্বোচ্চ ৬৫ বছৰ। 

দৰমহা

মাহিলী ২৫  হেজাৰ টকা। 

চাকৰিৰ স্থান

লক্ষ্ণৌ, ইজাটনগৰ (উত্তৰ প্ৰদেশ)। 

আবেদনৰ অন্তিম তাৰিখ

২০ জানুৱাৰী, -২০২২। 

আবেদনৰ মাচুল

নাই। 


ৱেবছাইট

ner.indianrailways.gov.in 


শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব। 

তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব। 

আবেদন প্ৰক্ৰিয়াঃ 

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২০ জানুৱাৰী, ২০২২-লৈকে ner.indianrailways.gov.in-ৱেবছাইটৰ পৰা আবেদন জনাব পাৰিব। আবেদন প্ৰক্ৰিয়া ১১ জানুৱাৰী, ২০২২-ৰ পৰা আৰম্ভ হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com