ৰাষ্ট্ৰীয় তাপবিদ্যুত নিগম লিমিটেডৰ অভিযন্তা নিযুক্তি

ৰাষ্ট্ৰীয় তাপবিদ্যুত নিগম লিমিটেড (এন টি পি চি)-এ কাৰ্যবাহী অভিযন্তা প্ৰশিক্ষাৰ্থী নিয়োগৰ বাবে আবেদন বিচাৰিছে।
ৰাষ্ট্ৰীয় তাপবিদ্যুত নিগম লিমিটেডৰ অভিযন্তা নিযুক্তি

এন টি পি চিয়ে ২০৩২চ ভিতৰত ১৩০ গিগাৱাট শক্তি ইনষ্টলৰ এটা অভিলাসী পৰিকল্পনা গ্ৰহণ কৰিছে। এই উদ্দেশ্যে মেধাসম্পন্ন তথা উন্নত শৈক্ষিক কেৰিয়াৰৰ অভিযন্তা নিয়োগৰ লক্ষ্য লৈছে।

খালী পদৰ সংখ্যাঃ ২৮০টা।

নিযোগৰ স্থানঃ সমগ্ৰ ভাৰতত।

বয়সৰ সীমাঃ ২৭ বছৰ ।

দৰমহাঃ ই-১ গ্ৰেড। দৰমহাঃ ৪০,০০০টকাৰ পৰা ১,৪০,০০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৬-২০২১।

আবেদনৰ মাচুলঃ ৫০০টকা। অৱশ্যে এছ চি/এছ টি/ শাৰীৰিকভাৱে অক্ষম প্ৰাৰ্থী/প্ৰাৰ্থীয়ে মাচুল দিব নালাগে।

শিক্ষাগত অৰ্হতাঃ নূন্যতম ৬৫ শতাংশ নম্বৰসহ (এছ চি/এছ টি/শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীৰ ক্ষেত্ৰত ন্যূনতম ৫৫ শতাংশ) ইঞ্জিনীয়াৰিং/প্ৰযুক্তিবিদ্যা/এ এম আই ইৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব।

প্ৰাৰ্থী গে'ট-২০২১ত অৱতীৰ্ণ হব লাগিব।

আবেদনৰ নিয়মঃ

১. আবেদন জনাবলৈ ইচ্ছ্যুক প্ৰাৰ্থীয়ে www.ntpccareers.net অথবা www.ntpc.co.inৰ কেৰিয়াৰ ছেকচন চাওক। GATE-2021-ৰ নম্বৰ আবেদনত উল্লেখ কৰিব লাগিব।

২. অনলাইন আবেদন প্ৰ-পত্ৰ পূৰণ কৰোতে প্ৰাৰ্থীয়ে নিজৰ স্বাক্ষৰ আৰু ফটো আপলোড কৰিব লাগিব।

৩. প্ৰাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশাৱলী সাৱধানেৰে পঢ়িব আৰু GATE-2021ৰ পঞ্জীয়ন নম্বৰকে ধৰি সকলো ধৰি সকলো তথ্য শুদ্ধকৈ প্ৰ-পত্ৰত উল্লেখ কৰিব।

৪. আবেদন প্ৰ-পত্ৰ জমা দিয়াটো সফল হলে এটা একক পঞ্জীয়ন নম্বৰ লাভ কৰিব।

৫. প্ৰাৰ্থীয়ে পঞ্জীয়ন নম্বৰৰ প্ৰিণ্ট-আউট উলিয়াব লাগিব।

৬. আবেদনত উল্লেখ কৰা কোনো তথ্য সলনিৰ বাবে জনোৱা অনুৰোধ গ্ৰহণ কৰা নহব।

৭. কেৱল ভাৰতীয় নাগৰিকেহে আবেদন জনাব পাৰিব।

৮. প্ৰা়্ৰ্থীয়ে ইঞ্জিনীয়াৰিঙৰ শিক্ষাগ্ৰহণ কৰা শিক্ষানুষ্ঠান এ আই চি টি ইৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হব লাগিব ।

কাৰ্যালয়ৰ ঠিকনাঃ NTPC Bhawan, SCOPE Complex, Institutional Area, Lodhi Road, New Delhi

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।

কোনো কাৰণ প্ৰদৰ্শন বা জাননী জাৰি নকৰাকৈ এই নিযুক্তি প্ৰক্ৰিয়া বাতিল /স্থগিতকৰণ /বহুলকৰণ /সংশোধন কৰাৰ অধিকাৰ এন টি পি চিৰ আছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com