Begin typing your search above and press return to search.

অইল ইণ্ডিয়া লিমিটেডত ছুপাৰভাইজৰ-টেকনিচিয়ানৰ পদখালী

ইচ্ছ্যুক প্ৰাৰ্থীসকলে তলত চাকৰিৰ সবিশেষ তথ্য চাব পাৰেঃ

অইল ইণ্ডিয়া লিমিটেডত ছুপাৰভাইজৰ-টেকনিচিয়ানৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-11-01T10:07:06+05:30


অইল ইণ্ডিয়া লিমিটেড হৈছে দেশৰ অন্যতম নৱৰত্ন কোম্পানী। সমগ্ৰ ভাৰতত বিস্তৃতি থকা অইল ইণ্ডিয়া লিমিটেড দেশৰ দ্বিতীয় বৃহত্তম তেল আৰু গেছ কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় ডিব্ৰুগড়ৰ দুলীয়াজানত অৱস্থিত। প্ৰতিষ্ঠানটোৱে অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, ত্ৰিপুৰা, নগালেণ্ড, অন্ধ্ৰ প্ৰদেশ, ওড়িছা, ৰাজস্থান, আদিত তেল-গেছৰ অন্বেষণ কৰে। অইন ইণ্ডিয়া লিমিটেডে নিম্নোক্ত পদসমূহত নিয়ুক্তি দিবলৈ লৈছে।

ইচ্ছ্যুক প্ৰাৰ্থীসকলে তলত চাকৰিৰ সবিশেষ তথ্য চাব পাৰেঃ

পদ বিৱৰণ

ইনষ্ট্ৰুমেণ্টেচন ছুপাৰভাইজৰ

খালী পদ

দৰমহা

৫টা।

১৯, ৫০০টকা। সলনি হৈ থাকিব পৰা বানচঃ ৭৫০টকা।

ইনষ্ট্ৰুমেণ্টেচন টেকনিচিয়ান

খালী পদ

দৰমহা

১০টা।

১৬,৬০৪টকা। সলনি হৈ থাকিব পৰা বানচঃ ৬৪০টকা।




বয়সৰ সীমা

১৮ ৰ পৰা ৩৫ বছৰ। এছ চি /এছ টি: ৪০ বছৰ , OBC–NCL: ৩৮ বছৰ।

শিক্ষাগত অৰ্হতা

ইনষ্ট্ৰুমেণ্টেচন ছুপাৰভাইজৰৰ বাবে প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ইনষ্ট্ৰুমেণ্টেচন / ইলেক্ট্ৰনিক্স ইঞ্জিনীয়াৰিঙৰ তিনি বছৰীয়া ডিপ্লমাধাৰী হব লাগিব। তদুপৰি শিক্ষাগ্ৰহণৰ পাছত দুবছৰৰ কৰ্মঃঅভিজ্ঞতা থাকিব লাগিব।

ইনষ্ট্ৰুমেণ্টেচন টেকনিচিয়ানৰ বাবে প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ইলেক্ট্ৰনিক্স / মেকানিক ট্ৰেডৰ চাৰ্টিফিকেটধাৰী হব লাগিব।

নিযুক্তিৰ স্থানঃ

দুলীয়াজান, অসম।

কেনেদৰে আবেদন কৰিব :

ৱাক-ইন সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণপত্ৰৰ মূল কপি আনিব লাগিব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story