Begin typing your search above and press return to search.

অইল ইণ্ডিয়া লিমিটেডত কনিষ্ঠ সহায়কৰ পদখালী

অইল ইণ্ডিয়া লিমি়টেডে কনিষ্ঠ সহায়ক পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অইল ইণ্ডিয়া লিমিটেডত কনিষ্ঠ সহায়কৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 July 2021 9:20 AM GMT

এই নিযুক্তি অসমৰ ডিব্ৰুগড, তিনিচুকীয়া, শিৱসাগৰ জিলাত আৰু অৰণাটল প্ৰদেশৰ চাংলাং জিলাত হব।

খালী পদৰ সংখ্যাঃ ১২০টা। ইয়াৰে ৮টা এছ চি, ১৪টা এছ টি, ৩২ টা অবিচি(নন-ক্ৰিমিলেয়াৰ), ১২টা আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ৫৪টা পদ অ-সংৰক্ষিত।

বয়সৰ সীমা-সাধাৰণ শ্ৰেণীঃ ন্যূনতম ১৮ ৰ পৰা সৰ্বোচ্চ ৩০ বছৰ। এছ চি / এছ টি : ন্যূনতম ১৮ ৰ পৰা সৰ্বোচ্চ ৩৫ বছৰ। অবিচি ( এন চি এল) : ন্যূনতম ১৮ ৰ পৰা সৰ্বোচ্চ ৩৩ বছৰ।

দৰমহাঃ ২৬,৬০০টকাৰ পৰা ৯০হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫/০৮/২০২১।

আবেদন গ্ৰহণৰ আৰম্ভণীৰ তাৰিখঃ ০১-০৭-২০২১।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী আৰু অবিচিৰ ক্ষেত্ৰত ২০০টকা।

শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডোৰ অধীনত ন্যূনতম ৪০ শতাংশ নম্বৰসহ যিকোনো শাখাৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব। তদুপৰি ন্যূনতম ছমহীয়া কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্লমা থাকিব লাগিব। প্ৰাৰ্থীয়ে MS Word, MS Excel, MS PowerPoint etc. আদিত কাম কৰিব পাৰিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি