গাওঁপ্ৰধান নিযুক্তিৰ বাবে হাইলাকান্দিৰ উপায়ুক্ত কাৰ্যালয়ৰ আবেদন আহ্বান

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
গাওঁপ্ৰধান নিযুক্তিৰ বাবে হাইলাকান্দিৰ উপায়ুক্ত কাৰ্যালয়ৰ আবেদন আহ্বান
Published on: 

গাওঁ প্ৰধান নিযুক্তিৰ বাবে হাইলাকান্দিৰ উপায়ুক্ত কাৰ্যালয়ে আবেদন বিচাৰািছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰবন্ধক : গাওঁ প্ৰধান

খালী পদৰ সংখ্যা : ১৬৮টা।

বয়স : ৩০বছৰ।

দৰমহা : দৰমহা স্তৰ - ১০

নিযুক্তিৰ স্থান : হাইলাকান্দি, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৭/১০/২০২১

অৰ্হতা :

O/o উপায়ুক্ত, হাইলাকান্দিত, গাওঁ প্ৰধানৰৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

• প্ৰাৰ্থীয়ে সকলে নিজৰ আবেদন পত্ৰ, সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ নিজ অঞ্চলৰ আঞ্চলিক বিষয়াক জমা কৰিব লাগিব।

• প্ৰাৰ্থীৰ নিজৰ সমভাগীৰ সৈতে কেৱল দুটি সন্তান থকা হ'ব লাগিব, আৰু ইয়াৰ প্ৰমাণ স্বৰূপে শপতপত্ৰ জমা কৰিব লাগিব।

• সকলো নথি পত্ৰ সহ দুখনি পাছপৰ্ট ফটো সংলগ্ন কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com