বিষয়া প্ৰশিক্ষাৰ্থী নিযুক্তি পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ

পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডে সহকাৰী বিষয়া প্ৰশিক্ষাৰ্থী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
বিষয়া প্ৰশিক্ষাৰ্থী নিযুক্তি পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ
Published on

পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ বিষয়েঃ 

পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড হৈছে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ অধীনৰ এটা আইনগত নিগম। ইয়াৰ মুখ্য কাৰ্যালয় গুৰগ্ৰমত অৱস্থিত। পাৱাৰগ্ৰীডৰ মূল কাম হৈছে বিভিন্ন ৰাজ্যত বিদ্যুত শক্তিৰ সংবহণ কৰা।  কোম্পানী  আইনৰ অধীনত  ১৯৫৯-ৰ ২৩ অক্টোবৰত পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড গঠন কৰা হয়। 

সহকাৰী  বিষয়া প্ৰশিক্ষাৰ্থী নিযুক্তিৰ বাবে পাৱাৰগ্ৰীডে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে।

পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ নিযুক্তি-২০২২ঃ


পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডে সহকাৰী বিষয়া  প্ৰশিক্ষাৰ্থী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত পাবঃ

পদৰ নাম

সহকাৰী বিষয়া প্ৰশিক্ষাৰ্থী

খালী পদৰ সংখ্যা

২৮ টা। 

নিযুক্তিৰ স্থান

ভাৰতৰ যিকোনো স্থানত। 

আবেদনৰ মাচুল 

৫০০ টকা। এছ চি-এছ টি,  প্ৰাক্তন সৈনিক আৰু বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ নাই। পৰিশোধৰ পদ্ধতিঃ অনলাইন।  

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

 লিখিত পৰীক্ষা, কম্পিউটাৰযুক্ত পৰীক্ষা আদি।  

বয়সৰ সীমা

 ৩১-০১-২০২২-ত ১৮-ৰ পৰা ২৮ বছৰ। 

আবেদন গ্ৰহণৰ শেষ তাৰিখ

২৮ ফেব্ৰুৱাৰী, ২০২২। 

ৱেবছাইট

powergridindia.com

শিক্ষাগত অৰ্হতাঃ

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্য়ালয়ৰ পৰা  চি এ /  আই চি ডব্লিউ এ (CMA) হব লাগিব। 

আবেদনৰ নিয়মঃ 

প্ৰথমে  অফিচিয়েল ৱেবছাইট  powergridindia.com চাব। 

আৰু আপুনি আবেদন কৰিব লগা  নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

তাত আপুনি  শেহতীয়া চাকৰিৰ অধিসূচনা পাব।

নিযুক্তিৰ নিৰ্দেশনাবোৰ স্পষ্টভাৱে পঢ়ক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

তাৰ পিছত  অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com