জনস্বাস্থ্য কাৰিকৰীৰ মঙলদৈ সংমণ্ডলত পদখালী

এই বিষয়ে তলত অধিক তথ্য পাব ৷
জনস্বাস্থ্য কাৰিকৰীৰ মঙলদৈ সংমণ্ডলত পদখালী

ৰাজ্যিক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলত খালী হোৱা নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। 

পদসমূহঃ

পৰীক্ষাগাৰ সহায়ক।

খালী পদৰ সংখ্যাঃ এটা ৷

বয়সৰ সীমাঃ ০১-০৮-২০২০ত ১৮ৰ পৰা ৩৮ বছৰ ৷ এছ চি-এছ টি প্ৰাৰ্থীয়ে পাঁচ বছৰ আৰু অ' বি চি/এম অ' বি চি প্ৰাৰ্থীয়ে তিনিবছৰ বয়স ৰেহাই পাব ৷

দৰমহাঃ মাহিলী ১৫ হেজাৰ টকা ৷

শিক্ষাগত অৰ্হতাঃ ৰসায়ন বিজ্ঞানসহ বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব ৷ কম্পিউটাৰৰ কাম জানিবই লাগিব ৷

সহকাৰী কেমিষ্ট 

খালী পদৰ সংখ্যাঃ ০১ টা। 

বয়সৰ সীমাঃ ০১-০৮-২০২০ত ১৮ৰ পৰা ৪০ বছৰ ৷ এছ চি-এছ টি প্ৰাৰ্থীয়ে পাঁচ বছৰ আৰু অ' বি চি/এম অ' বি চি প্ৰাৰ্থীয়ে তিনিবছৰ বয়স ৰেহাই পাব ৷

দৰমহাঃ মাহিলী ২১  হেজাৰ টকা ৷

শিক্ষাগত অৰ্হতাঃ ৰসায়ন বিজ্ঞানসহ বি এছ চি ডিগ্ৰীধাৰী হ'ব লাগিব ৷ কম্পিউটাৰৰ কাম জানিবই লাগিব ৷

নিযুক্তিৰ স্থানঃ মঙলদৈ. অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখ ঃ ২০-১০-২০২১। 

চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com