Begin typing your search above and press return to search.

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৰাজ্যিক প্ৰকল্প বিষয়াৰ পদ খালী

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এম জি এনৰেগাৰ অধীনত এটা ৰাজ্যিক প্ৰকল্প বিষয়াৰ পদত নিযুক্তি দিবলৈ লৈছে।

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৰাজ্যিক প্ৰকল্প বিষয়াৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2021 11:18 AM GMT

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৰাজ্যিক প্ৰকল্প বিষয়াৰ পদ খালী

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগঃ এই প্ৰধানতঃ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ আৰ্থিক উন্নয়ন, এনে পৰিয়ালক সামাজিক সুৰক্ষা প্ৰদান, জীৱিকাৰ সম্বল প্ৰদান কৰাৰ লগতে দৰিদ্ৰতা নাশৰ বাবে কাম কৰে। গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ সবলীকৰণৰ উদ্দেশ্য এই বিভাগে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে।

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিঃ

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এম জি এনৰেগাৰ অধীনত Cluster Facilitation Project-ত এটা ৰাজ্যিক প্ৰকল্প বিষয়াৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


পদৰ নামঃ

ৰাজ্যিক প্ৰকল্প বিষয়া (জীৱন-জীৱিকা)

খালী পদৰ সংখ্যাঃ ০১টা।

বয়সৰ সীমাঃ ০১/০১/ ২০২১-ত ৩০ৰ পৰা ৫০ বছৰ।

শিক্ষাগত অৰ্হতাঃ

# প্ৰাৰ্থী কৃষি অৰ্থনীতি / উদ্যানশস্য / কৃষি বনানীকৰণ / এগ্ৰোনমী /বনানীকৰণৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

# গাঁৱৰ দৰিদ্ৰ লোকৰ আয় বৃদ্ধিৰ বাবে কৰা কৃষি আৰু সংলগ্ন কাম-কাজত ন্যূনতম ৮ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

# ইংৰাজী. হিন্দী আৰু স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব।

কেনেদৰে আবেদন জনাব পাৰিবঃ

এই বিভাগৰ ৱেবছাইট চাব লাগিব। গুৰুত্বপূৰ্ণ লিংকত ক্লিক কৰিব লাগিব। নথি-পত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব।


গুৰুত্বপূৰ্ণ তাৰিখসমূহঃ

অনলাইন আবেদন জমা দিয়াৰ আৰম্ভণীৰ তাৰিখঃ ২৬-১১-২০২১।

অনলাইন আবেদন গ্ৰহণৰ অন্তিম তাৰিখঃ ১১-১২-২০২১।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি