Begin typing your search above and press return to search.

পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডত অভিযন্তাৰ প্ৰয়োজন

পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডত অভিযন্তাৰ প্ৰয়োজন

Assamese SentinelBy : Assamese Sentinel

  |  31 Jan 2022 10:51 AM GMT


পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ বিষয়েঃ

পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড হৈছে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ অধীনৰ এটা আইনগত নিগম। ইয়াৰ মুখ্য কাৰ্যালয় গুৰগ্ৰমত অৱস্থিত। পাৱাৰগ্ৰীডৰ মূল কাম হৈছে বিভিন্ন ৰাজ্যত বিদ্যুত শক্তিৰ সংবহণ কৰা।

সহকাৰী অভিযন্তা প্ৰশিক্ষাৰ্থী নিযুক্তিৰ বাবে পাৱাৰগ্ৰীডে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে।

পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ নিযুক্তি-২০২২ঃ

পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডে সহকাৰী অভিযন্তা প্ৰশিক্ষাৰ্থী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত পাবঃ


প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

সহকাৰী অভিযন্তা প্ৰশিক্ষাৰ্থী।

পদৰ সংখ্যা

১০৫টা। শাখা অনুযায়ী খালী পদৰ সংখ্যা এনেধণৰঃ

কম্পিউটাৰ ছায়েন্সঃ ৩৭টা, বৈদ্যুতিকঃ ৬০টা। চিভিল-৪টা। ইলেক্ট্ৰনিকছ- ৪টা।

দৰমহা

প্ৰথম বছৰত ৪০ হেজাৰ টকাৰ পৰা ১ লাখ ৪০ হেজাৰ টকা। অভিযন্তাৰূপে মকলৰ হোৱাৰ পাছত ৫০ হেজাৰৰ পৰা ১ লাখ ৬০ হেজাৰ টকা।

চাকৰিৰ স্থান

ভাৰতৰ যিকোনো স্থানত।

বয়সৰ সীমা

সৰ্বোচ্চ ২৮ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব।

অন্তিম তাৰিখ

২০-০২-২০২২।

চাকৰিৰ প্ৰকৃতি

স্থায়ী।

শিক্ষাগত অৰ্হতাঃ


স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৬০ শতাংশ নম্বৰ বা সম-পৰ্সযায়ৰ চি জি পি এসহহ পূৰ্ণকালীন সময়ৰ বি ই ./ বি টেক / বি এছ চি ( ইঞ্জিনীয়াৰিং) from recognized অভিযান্ত্ৰিকৰ শাখাসমূহ ক) বৈদ্যুতিক / বৈদ্যুতিক (শক্তি/ বৈদ্যুতিক আৰু ইলেক্ট্ৰনিকছ/ পাৱাৰ ছিষ্টেমছ ইঞ্জিনীয়াৰিং /পাৱাৰ ইঞ্জিনীয়াৰিং (বৈদ্যুতিক) আদি।

আবেদনৰ নিয়মঃ

অহা ২০ ফেব্ৰুৱাৰীলৈকে https://www.powergrid.in/-ৰ পৰা আবেদন জনাব পাৰিব।



আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি