Begin typing your search above and press return to search.

পিতৃ অশোক চোপ্ৰাৰ জন্মদিন পালন প্ৰিয়ংকাৰ, সামাজিক মাধ্যমত ফটো শ্বেয়াৰ

পিতৃৰ দৰেই প্ৰিয়ংকা আত্মবিশ্বাসী আৰু দৃঢ় মানসিকতাৰ অধিকাৰী।

পিতৃ অশোক চোপ্ৰাৰ জন্মদিন পালন  প্ৰিয়ংকাৰ, সামাজিক মাধ্যমত ফটো শ্বেয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-09-02T11:53:30+05:30

তাৰকা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ পিতৃ প্ৰয়াত ডঃ অশোক চোপ্ৰা ভাৰতীয় সেনাৰ কৰ্ণেল আছিল। পিতৃৰ দৰেই প্ৰিয়ংকা আত্মবিশ্বাসী আৰু দৃঢ় মানসিকতাৰ অধিকাৰী। সেয়ে বহুজনে প্ৰিয়ংকাক পিতৃৰ যোগ্য সন্তান আখ্যা দিয়ে। ২৩ আগষ্টত ডঃ চোপ্ৰাৰ ৭১ সংখ্যক জন্মদিন আছিল। প্ৰিয়ংকাই তেওঁৰ পিতৃক অশেষ শ্ৰদ্ধা কৰে। তেওঁ হাতৰ মণিবন্ধত 'ডেডিজ লিটল গাৰ্ল' বুলি এটা টাটুও অংকন কৰাই লৈছে ।

প্ৰিয়ংকাই তেওঁৰ প্ৰয়াত পিতৃৰ জন্মদিন তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত কেক কাটি পালন কৰে। পাছত অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত কেক কটাৰ এখন ফটো পোষ্ট কৰে। এই ফটোত "শুভ জন্মদিন, পাপা" লিখা আছে।

Next Story