Begin typing your search above and press return to search.

সমাজ কল্যাণ বিভাগত ০৭গৰাকী প্ৰকল্প সহকাৰী পদখালী

০৭ গৰাকী জিলা প্ৰকল্প সহকাৰী আৰু খণ্ড প্ৰকল্প সহকাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

সমাজ কল্যাণ বিভাগত ০৭গৰাকী প্ৰকল্প সহকাৰী পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Nov 2021 11:37 AM GMT

সমাজ কল্যাণ বিভাগত চাকৰিৰ অধিসূচনা :

সমাজ কল্যাণ বিভাগত, ৰাজ্যিক প্ৰকল্প নিৰ্দেশক, পোষণ অভিযান, অসমৰ অন্তৰ্গত উপযুক্ত প্ৰাৰ্থী সকলক ০৭ গৰাকী জিলা প্ৰকল্প সহকাৰী আৰু খণ্ড প্ৰকল্প সহকাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।


পদৰ নাম

খালী পদৰ সংখ্যা

জিলা ভিত্তিত পদ

শিক্ষাগত অৰ্হতা

বয়স

বয়সৰ ৰেহাই

নাগৰিকত্ব

জিলা প্ৰকল্প সহকাৰী

০৩টা

গোলাঘাট ০১,

দক্ষিণ শালমাৰা ০২,

ওদালগুৰি ০১

• মেনেজমেন্ট/ সমাজ বিজ্ঞান/ পুষ্টি বিভাগত গ্ৰেজুৱেট ডিগ্ৰী/ পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা।

• সামৰ্থ্যশালী প্ৰক্ৰিয়াত, নিৰীক্ষণ অধীনত ২বছৰীয়া অভিজ্ঞতা।

• স্থানীয় ভাষাত কথোপকথন আৰু লিখাৰ অৰ্হতা। ইংৰাজী ভাষাৰ জ্ঞান ।

• দলৰ কাম কৰাৰ অৰ্হতা আৰু ভ্ৰমণৰ আগ্ৰহী।

• স্থানীয় প্ৰাৰ্থীসকলৰ বাবে উপযোগী।

১৮ - ৪০বছৰ

অ' বি চি/ এম অ' বি চি - ৩বছৰ

অনুসূচিত জাতি/ জনজাতি - ৫বছৰ

বিকলাংগ - ১০বছৰ

ভাৰতীয় সংবিধান অধিনিয়ম ৫ৰ পৰা ৯ অনুসৰি ইচ্ছুক প্ৰাৰ্থী ভাৰতীয়ই নাগীৰাকি হ'ব লাগিব

খণ্ড প্ৰকল্প সহকাৰী

০৪টা

তিনিচুকীয়া ০২,

গোলাঘাট ০২

• গ্ৰেজুৱেট।

• সম্প্ৰদায়/ স্থানীয় চৰকাৰৰ সৈতে ১বছৰীয়া কৰ্ম অভিজ্ঞতা।

• স্থানীয় ভাষাত কথোপকথন আৰু লিখাৰ অৰ্হতা। স্থানীয় প্ৰাৰ্থীসকলৰ বাবে উপযোগী।

১৮ - ৪০বছৰ

অ' বি চি/ এম অ' বি চি - ৩বছৰ

অনুসূচিত জাতি/ জনজাতি - ৫বছৰ

বিকলাংগ - ১০বছৰ

ভাৰতীয় সংবিধান অধিনিয়ম ৫ৰ পৰা ৯ অনুসৰি ইচ্ছুক প্ৰাৰ্থী ভাৰতীয়ই নাগীৰাকি হ'ব লাগিব


আৱেদন প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত আৱেদন সহ, প্ৰয়োজনীয় নথি পত্ৰি জমা কৰিব লাগিব। প্ৰতিটো পদৰ বাবে বেলেগ কৈ আৱেদন দাখিল কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে নথি পত্ৰি সমূহৰ প্ৰকৃত প্ৰতিলিপি দেখুৱাব পাৰিব লাগিব।

• আৱেদন পাঠ্যৰ ৰূপৰ বাহিৰে বেলেগ ৰূপত জমা কৰা আৱেদন সমূহ গ্ৰহণযোগ্য নহয়।

• আৱেদন সমূহ এনভেলোপত ভৰাই উপৰ ফালে আৱেদন কৰা পদ আৰু আৱেদন দাখিল কৰা জিলা কল্যাণ বিভাগ কাৰ্য্যালয় বিষয়াৰ ঠিকনা লিখিব লাগিব।

• আৱাসিক প্ৰমাণ পত্ৰ জমা কৰিব লাগিব।



Next Story
চাকৰি