Begin typing your search above and press return to search.

NIT ছিক্কিমত নিযুক্তি ২০২১ : ০১গৰাকী প্ৰকল্প সহকাৰীৰ পদখালী

ইচ্ছুক প্ৰাৰ্থী সকলক প্ৰকল্প সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে

NIT ছিক্কিমত নিযুক্তি ২০২১ : ০১গৰাকী প্ৰকল্প সহকাৰীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2021 8:48 AM GMT

NIT ছিক্কিমৰ বিষয়ে জানক :

ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান ছিক্কিম, সাধাৰণতে NIT ছিক্কিম বা NIT SKM নামেৰে জনা যায়। ছিক্কিম ৰাজ্যৰ ৰাৱণগ্লা চহৰত অৱস্থিত এই প্ৰতিষ্ঠান এখন চৰকাৰী অভিযান্ত্ৰিক তথা গৱেষণা প্ৰতিষ্ঠান। ২০১০ চনত স্থাপিত এই প্ৰতিষ্ঠান ভাৰতৰ ৩১খন ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম। ইয়াক ভাৰত চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান ৰূপেও পৰিগণিত কৰা হয়। ই এখন স্বায়ত্তাসিত প্ৰতিষ্ঠান যাক পৰিচালিত কৰা হয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা।

ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান ছিক্কিমত পদখালী :

ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান ছিক্কিমত শেহতীয়া ভাৱে উপযুক্ত তথা ইচ্ছুক প্ৰাৰ্থী সকলক প্ৰকল্প সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰকল্প সহকাৰী

খালী পদ

০১

দৰমহা

২৫,০০০/- টকা, মাহিলী

অৱস্থান

ৰাৱণগ্লা, ছিক্কিম

অন্তিম তাৰিখ

০৩ ডিচেম্বৰ ২০২১

আৱেদন প্ৰক্ৰিয়া

ইমেইল

সময়সীমা

প্ৰকল্প সম্পূৰ্ণ হোৱা লৈকে বা ৩বছৰৰ সময়সীমা


শিক্ষাগত অৰ্হতা:

• ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিক্স বিভাগত B. Tech

• ইঞ্জিনিয়াৰিং বা প্ৰসংগিক ডিগ্ৰী নূন্যতম ৬০% নম্বৰ সহ (CGPA ১০ পইন্ট স্কেলত ৬.৫ নম্বৰ)

• হাৰ্ডৱেৰ দেভেলপমেন্ট, ফেব্ৰীকেচন আৰু টেষ্টটিংৰ ভাল জ্ঞান

• ANSYS ইলেক্ট্ৰমেগ্নেটিক, MATLAB ৰ সৈতে পৰিচিত, ভাল বৈজ্ঞানিক লেখাৰ কৌশল।

আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ বায়ডাতা (শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতা উল্লেখিত) আৰু সম্পূৰ্ণ ৰূপে পূৰণ কৰা আৱেদন পত্ৰ অন্তিম তাৰিখ ০৩ডিচেম্বৰৰ ২০২১ৰ পূৰ্বে, ড. মলি ৰয়, সহকাৰী অধ্যাপক, EEE বিভাগ, ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান ছিক্কিম লৈ উল্লেখিত ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব।

ইমেইল : molay.roy@nitsikkim.ac.in

এমেইলৰ বিষয় ৰূপে "Application for Project Assistant under NaMPET-III project" উল্লেখ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক: সশস্ত্ৰ বাহিনী চিকিত্সা সেৱা( AFMS)-ত চিকিত্সা বিষয়া নিযুক্তি


Next Story
চাকৰি