পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় (PAU) নিযুক্তি ২০২২ - ৰিচাৰ্ছ ফেল'ৰ পদখালী

পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ে ৰিচাৰ্ছ ফেল’ নিয়োগৰ বাবে আবেদন বিচাৰিছে।
পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় (PAU) নিযুক্তি ২০২২ - ৰিচাৰ্ছ ফেল'ৰ পদখালী
Published on

পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ে ৰিচাৰ্ছ ফেল' নিয়োগৰ বাবে আবেদন বিচাৰিছে। অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে । এই নিয়োগ সম্পৰ্কত তলত সবিশেষ তথ্য পাবঃ

পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ নিয়োগ ২০২২ঃ

পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ে ৰিচাৰ্ছ ফেল' নিয়োগৰ বাবে শেহতীয়াভাৱে জাননী প্ৰকাশ কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালী পদৰ সংখ্যা, দৰমহা, বয়সৰ সীমা আদিৰ তথ্য তলত পাবঃ

পদৰ নাম 

ৰিচাৰ্ছ ফেল' 

খালী পদৰ সংখ্যা

 নিৰ্দিষ্টকৈ উল্লেখ নাই

দৰমহা

 মাহিলী ২৫ হেজাৰ টকা। 

নিয়োগৰ স্থান 

লুধিয়ানা, পঞ্জাৱ

অনলাইন আবেদনৰ শেষ তাৰিখ

১৭ অক্টোবৰ, ২০২২ ৷

শিক্ষাগত অৰ্হতাঃ

কোনো স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড অথবা বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞানৰ বি এছ চি, প্লাণ্ট পেথ'লজীৰ এম এছ চি হ'ব লাগিব।

আবেদন মাচুলঃ সকলো প্ৰাৰ্থীৰ ক্ষেত্ৰত ২০০ টকা।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাৎকাৰ।

আবেদনৰ প্ৰক্ৰিয়াঃ নিৰ্ধাৰিত প্ৰ-পত্ৰযোগে আবেদন জনাব লাগিব।

পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ বিষয়েঃ পঞ্জাৱৰ লুধিয়ানা জিলাত অৱস্থিত পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় হৈছে এখন ৰাজহুৱা কৃষি বিশ্ববিদ্যালয়। এই কৃষি বিশ্ববিদ্যালয় এখন ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়। ১৯৬২-ত এই কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় আৰু এই কৃষি বিশ্ববিদ্যালয় হৈছে দেশৰ তৃতীয়খন পুৰণি কৃষি বিশ্ববিদ্যালয়। ১৯৬৩-ৰ ৮ জুলাইত তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে এই কৃষি বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে। ১৯৬০-ৰ দশকৰ সেউজ বিপ্লৱৰ ক্ষেত্ৰত অগ্ৰদূতৰ ভূমিকা পালন কৰে পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com