পঞ্জাৱ বিশ্ববিদ্যালয়ত মাষ্টাৰ ট্ৰেইনাৰৰ ১০ টা পদ খালী
পঞ্জাৱ বিশ্ববিদ্যালয়ে মাষ্টাৰ ট্ৰেইনাৰৰ ১০ টা পদত নিযুক্তিৰ বাবে অনলাইন আবেদন বিচাৰিছে।

পঞ্জাৱ বিশ্ববিদ্যালয়ৰ বিষয়েঃ
ভাৰতৰ অন্যতম পুৰণি বিশ্ববিদ্যালয় হৈছে পঞ্জাৱ বিশ্ববিদ্যালয়। ১৮৮২-ত লাহোৰত এই বিশ্ববিদ্যালয় আৰম্ভ কৰা হয় ৷ বিজ্ঞান, প্ৰযুক্তিবিদ্যা, কলা, সমাজবিজ্ঞান, পৰিবেশ্য কলা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত পঞ্জাৱ বিশ্ববিদ্যালয়ে সদায়ে উৎকৃষ্ট ফল প্ৰদৰ্শন কৰি আহিছে ৷ শৈক্ষিক কৰ্মসূচীৰ ক্ষেত্ৰত উৎকৰ্ষতা সাধন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়ৰে সদায়ে ছাত্ৰ-ছাত্ৰীক সহায় কৰি আহিছে ৷ মেধাবী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক এই বিশ্ববিদ্যালয়ে সদায়ে আকৰ্ষণ কৰি আহিছে ৷
দেশৰ স্বাধীনতাৰ পাছত চণ্ডীগড়ত পঞ্জাব বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন কৰা হয় ৷ এই বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জাৱ আৰু চণ্ডীগড় কেন্দ্ৰীয়শাসিত অঞ্চলত দুশৰ ওচৰা-ওচৰি কলেজ আছে। এই বিশ্ববিদ্যালয়ৰ ১৩৩ বছৰীয়া ইতিহাসে এক গৌৰৱময় অধ্যায়ৰ কথা কয় ৷ এনেদৰে এই বিশ্ববিদ্যালয়ে দেশ তথা ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়াই আহিছে ৷ ইতিহাস, অভিজ্ঞতা আৰু পাৰদৰ্শিতাৰ বলত এই বিশ্ববিদ্যালয় দেশৰ গৌৰৱযাত্ৰাৰ অংগ হৈছে।
পঞ্জাৱ বিশ্ববিদ্যালয়ৰ নিযুক্তি ২০২২ঃ
পঞ্জাৱ বিশ্ববিদ্যালয়ে মাষ্টাৰ ট্ৰেইনাৰৰ ১০ টা পদত নিযুক্তিৰ বাবে অনলাইন আবেদন বিচাৰিছে। ইয়াৰ আবেদন গ্ৰহণৰ শেষ তাৰিখ ১০ জানুৱাৰী, ২০২২।
আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:
পদৰ নাম | মাষ্টাৰ ট্ৰেইনাৰ। |
খালী পদৰ সংখ্যা | ১০ টা। |
দৰমহা | নিয়ম অনুসৰি। |
চাকৰিৰ স্থান | চণ্ডীগড়। |
আবেদনৰ তাৰিখ | আবেদন গ্ৰহণ আৰম্ভ হোৱাৰ তাৰিখঃ ২৮-১২-২০২১। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০ জানুৱাৰী, ২০২২। |
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া | সাক্ষাতকাৰ। |
বয়সৰ সীমা | উল্লেখ নাই। |
আবেদনৰ মাচুল | নাই। |
শিক্ষাগত অৰ্হতা :
প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা বি ই / বি টেক/ এম ই / এম টেক/ এম এছ চি/ এম চি এ হব লাগিব। .
অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰত প্ৰাপ্থীৰ ২ৰ পৰা ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ নিয়মঃ
• প্ৰথমে অফিচিয়েল ৱেবচাইট tiss.edu লৈ চাওক
• পঞ্জাৱ বিশ্ববিদ্যালয়ৰ নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আবেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক
• মাষ্টাৰ ট্ৰেইনাৰ পদৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক
• আবেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক
• শুদ্ধভাৱে আৱেদন পূৰণ কৰক
• অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আবেদন জমা কৰক আৰু ভবিষ্যত প্ৰয়োজনৰ বাবে আবেদন নং সংগ্ৰহ কৰক
অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে puchd.ac.in-ৰ পৰা আবেদন জনাব পাৰে। শেষ তাৰিখঃ ১০ জানুৱাৰী, ২০২২।
আৰু চাব পাৰে :অসম লোকসেৱা আয়োগৰ কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি