Begin typing your search above and press return to search.

মহিলা আৰক্ষীৰ সৈতে অশ্লীল ভিডিঅ' ভাইৰেলঃ গ্ৰেপ্তাৰ হ'ল ডি এছ পি

ভিডিঅ' টোত কনিষ্টবলগৰাকীৰ ৬বছৰীয়া পুত্ৰৰ উপস্থিতিতে এটি শ্বিমিং পুলত দুয়োকে অশ্লীল অৱস্থাত প্ৰত্যক্ষ কৰা গৈছে।

মহিলা আৰক্ষীৰ সৈতে অশ্লীল ভিডিঅ ভাইৰেলঃ গ্ৰেপ্তাৰ হল ডি এছ পি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2021 7:39 AM GMT

এগৰাকী মহিলা কনিষ্টবলৰ সৈতে ৰাজস্থান আৰক্ষীৰ এজন উপ-আৰক্ষী অধীক্ষকৰ এটা অশ্লীল ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হোৱাত দেশজুৰি বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ পাছতে বিষয়াজনক ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ভিডিঅ' টোত কনিষ্টবলগৰাকীৰ ৬বছৰীয়া পুত্ৰৰ উপস্থিতিতে এটি শ্বিমিং পুলত দুয়োকে অশ্লীল অৱস্থাত প্ৰত্যক্ষ কৰা গৈছে। জানিব পৰা মতে পুস্কৰৰ এখন ৰিজৰ্তট এই ভিডিঅ' টো শ্বুট কৰা হৈছিল।

কৰ্তৃপক্ষৰ হাতত এই ভিডিঅ' গৈ পোৱাৰ লগে লগে অভিযুক্ত ডি এছ পি হীৰালাল ছাইনী, মহিলা কনিষ্টবলগৰাকীসহ আন ৫গৰাকী কনিষ্টবলক নিলম্বিত কৰা হৈছে।

উল্লেখ্য যে ১০ ছেপ্টেম্বৰত চাইনীক উক্ত ভিডিঅ' টো শ্বুট কৰা ঠাইখিনিৰ চিনাক্তকৰণৰ বাবে ৰিজৰ্তখনলৈ লৈ যায়। পৰবৰ্তী সময়ত তেওঁক শাৰীৰিক পৰীক্ষাৰ বাবে জৱাহৰলাল নেহৰু চিকিৎসালয় আজমীৰলৈ লৈ যোৱা হয়।


Next Story
চাকৰি