Begin typing your search above and press return to search.

অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ত নিযুক্তি

আগ্ৰহী প্ৰাৰ্থীসকলে তলত এই পদসমূহৰ সবিশেষ তথ্য চাব পাৰেঃ

অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Nov 2021 8:26 AM GMT

অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ত নিযুক্তি

অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ে হেল্প ডেস্ক সহকাৰী আৰু সহকাৰী কেমিষ্টৰ ১২ টা পদত নিযুক্তিৰ বাবে জাননী জাৰি কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত এই পদসমূহৰ সবিশেষ তথ্য চাব পাৰেঃ

১. হেল্প ডেস্ক সহকাৰী।

খালী পদৰ সংখ্যাঃ ২টা।

দৰমহাঃ মাহিলী ২৫, ০০টকা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰ এপ্লিকেচনৰ ১ বছৰীয়া ডিপ্লমা বা চাৰ্টিফিকেট থাকিব লাগিব। Microsoft Office, ইণ্টাৰনেট আৰু ই-মেইলৰ জ্ঞান থাকিব লাগিব।

বয়সৰ সীমাঃ ৩৮ বছৰৰ লৈকে।

সহকাৰী কেমিষ্ট

খালী পদৰ সংখ্যাঃ খালী পদৰ সংখ্যাঃ ১০ টা।

দৰমহাঃ মাহিলী ৩০, ০০০ টকা।

শিক্ষাগত অৰ্হতাঃ ৰসায়ন বিজ্ঞান বা জৈৱ ৰসায়ন অথবা মাইক্ৰোবায়োলজী বা দুগ্ধ ৰসায়ন বা খাদ্য প্ৰযুক্তিবিদ্যাৰ বি এছ চি হব লাগিব। ৰসায়ন বিজ্ঞান বা জৈৱ ৰসায়ন অথবা মাইক্ৰোবায়োলজী বা দুগ্ধ ৰসায়ন বা খাদ্য প্ৰযুক্তিবিদ্যাত এম এচ চি ডিগ্ৰীধাৰীসকলে অগ্ৰাধিকাৰ পাব।

বয়সৰ সীমাঃ ৩৮ বছৰৰ লৈকে।


সাক্ষাত্কাৰৰ তাৰিখঃ

# হেল্প ডেস্ক সহকাৰী।

তাৰিখ: ২৯ নৱেম্বৰ, ২০২১।

সময়: পুৱা ১০ বজাৰ পৰা।

#সহকাৰী কেমিষ্ট

তাৰিখ: ৩০ নৱেম্বৰ, ২০২১।

সময়: পুৱা ১০ বজাৰ পৰা।


স্থান: ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰ, অসম, বামুণীমৈদাম, গুৱাহাটী-২১।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি