আই আই টি গুৱাহাটী নিযুক্তি ২০২১ - গৱেষণা সহকাৰীৰ পদখালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগত গৱেষণা সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচৰা হৈছে
আই আই টি গুৱাহাটী নিযুক্তি ২০২১ - গৱেষণা সহকাৰীৰ পদখালী
Published on

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :

গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানৰ স্থাপনা কৰা হৈছিল ১৯৯৪চনত। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত পদখালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত শেহতীয়া ভাৱে জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগত "Nanoengineered Medicine for Treatment of Covid - 19" নামৰ প্ৰকল্পৰ বাবে গৱেষণা সহকাৰীৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম 

গৱেষণা সহকাৰী

খালী পদ

০১

দৰমহা

৫৫,৭৭০- টকা, প্ৰতি মাহে

পদৰ অৱস্থান

গুৱাহাটী, অসম 

অন্তিম তাৰিখ 

২৭ ডিচেম্বৰ ২০২১

প্ৰকল্পৰ নাম

"Nanoengineered Medicine for Treatment of Covid - 19"

শিক্ষাগত আৰু অন্যান্য অৰ্হতা:

Ph. D ডিগ্ৰী আৰু লগতে ফাংচনেলাইজেচন অফ নেনোপাৰ্টিকেল ছাৰফেচেচেছ লগতে প্ৰটিন; প্ৰটিন মডিফিকেচন; আৰু প্ৰটিন - প্ৰটিন/ লিগাণ্ড ইণ্টাৰেকচনত অভিজ্ঞতা।

আৱেদন প্ৰক্ৰিয়া :

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ শিক্ষাগত অৰ্হতা আৰু অন্যান্য অভিজ্ঞতা উল্লেখ কৰি নিজৰ বায়ডাটা, অন্তিম তাৰিখ ২৭/১২/২০২১ লৈকে lalitpandey@iitg.ac.in ইমেইল লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

১. এক অনলাইন সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ'ব অহা ২৯/১২/২০২১ তাৰিখে পুৱা ১১বজাৰ পৰা

২. বাছনি কৰা প্ৰাৰ্থী সকলক ইমেইল যোগে এই সাক্ষাৎকাৰৰ বাবে লিংক প্ৰেৰণ কৰা হ'ব

৩. সাক্ষাৎকাৰৰ উপৰত ভিত্তি কৰি প্ৰাৰ্থী বাছনি কৰা হ'ব

৪. প্ৰাৰ্থী সকললৈ পৃথক ভাৱে আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা নহ'ব

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com