Begin typing your search above and press return to search.

অইল ইণ্ডিয়া লিমিটেড, ভাৰতত নিযুক্তি ২০২২ - ৰিটেইনাৰ চিকিৎসকৰ পদ খালী

অইল ইণ্ডিয়া লিমিটেডত শেহতীয়া ভাৱে ৰিটেইনাৰ চিকিৎসকৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন বিচাৰিছে

অইল ইণ্ডিয়া লিমিটেড, ভাৰতত নিযুক্তি ২০২২ - ৰিটেইনাৰ চিকিৎসকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Dec 2021 10:32 AM GMT

অইল ইণ্ডিয়া লিমিটেড :

অইল ইণ্ডিয়া লিমিটেড, হৈছে ভাৰতৰ আগশাৰী খণ্ডৰ এক সম্পূৰ্ণ ৰূপে একত্ৰিত অন্বেষণ আৰু উৎপাদন কোম্পানী। ইয়াৰ প্ৰতিষ্ঠান কৰা হৈছিল, ভাৰতত তেলৰ আৱিষ্কাৰ কৰাৰ গৌৰৱময় বৰ্ষ ১৮৮৯ত। এক নৱৰত্ন কোম্পানী ৰূপে খ্যাত, অইল হৈছে ভাৰত চৰকাৰৰ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ প্ৰশাসনৰ অধীনত পৰিচালিত এক ৰাজ্যৰ মালিকানধীন প্ৰতিষ্ঠান। অইল হৈছে ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰকৃতি তেল আৰু গেছ উৎপাদন কৰা কোম্পানী।

অইল ইণ্ডিয়া লিমিটেডত শেহতীয়া পদ খালী :

অইল ইণ্ডিয়া লিমিটেডত শেহতীয়া ভাৱে ৰিটেইনাৰ চিকিৎসকৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন বিচাৰিছে।

আৱেদন দাখিল কৰিবলৈ আগ্ৰহী প্ৰাৰ্থী সকলে তলত উল্লেখিত তথ্য সমূহ পৰীক্ষা কৰিব পাৰে।


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ৰিটেইনাৰ চিকিৎসক

খালী পদ

০৬

দৰমহা

৮৫,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

দুলীয়াজান, অসম

বয়স

অধিকতম বয়স ৫০বছৰ, ০৭/০১/২০২২ ৰ মতে

বাছনি প্ৰক্ৰিয়া

ৱাক - ইন সাক্ষাৎকাৰ

আৱেদন মাছুল

নিল

সাক্ষাৎকাৰৰ তাৰিখ

০৭ জানুৱাৰী ২০২২

ৱেবছাইট

oil-india.com

আৱেদন প্ৰক্ৰিয়া :

অইল ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা MBBS উত্তীৰ্ণ হ'ব লাগিব।

আৱেদন দাখিল কৰিবলৈ তলত উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক :

• অফিচিয়েল ৱেবচাইট oil-india.com লৈ যাওঁক

• অইল ইণ্ডিয়া কেৰিয়াৰ বা নিযুক্তি লৈ গৈ আৱেদন কৰিব বিচৰা পদ বিচাৰক

• ৱেবচাইট যোগে ৰিটেইনাৰ চিকিৎসকৰ চাকৰিৰ আৱেদন পত্ৰ সংগ্ৰহ কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• যদিহে আপুনি যোগ্য, তেনে শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ ০৭ জানুৱাৰী, ২০২২ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰত অংশগ্ৰহণ কৰক।


আৰু পঢ়ক : NIT হামিৰপুৰ নিযুক্তি ২০২২ – ০৭ অনুষদৰ পদখালী


Next Story
চাকৰি