Begin typing your search above and press return to search.

আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, ইম্ফলত পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, ইম্ফলত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2021 7:00 AM GMT

আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, ইম্ফলে শেহতীয়াকৈ সামাজিক কৰ্মীৰ খালী পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম : সামাজিক কৰ্মী

খালী পদ সংখ্যা : ০২

অৱস্থান : ইম্ফল, মণিপুৰ

দৰমহা : ৩২,০০০টকা,(মাহিলী)।

অন্তিম তাৰিখ : ০৮/১০/২০২১ ।

বয়স : ৩০বছৰ।

অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সমাজ কৰ্মত ৩বছৰীয়া স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। ইয়াৰ লগতে স্বাস্থ্য আৰু সমাজ বিজ্ঞান বিষয়ত প্ৰাসংগিক সম্প্ৰদায় আধাৰিত ৫বছৰীয়া অধ্যয়ন অভিজ্ঞতা থাকিব লাগিব

নতুবা

সমাজ কৰ্ম/ স্বাস্থ্য সমাজবিদ্যা/ নৃবিজ্ঞান/ মনোবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• এই পদৰ ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থীসকলক নিজৰ বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ (প্ৰকৃত) সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল।

• প্ৰাৰ্থী সকলে নিজৰ নথি পত্ৰ দিৰ্দেশকৰ কাৰ্য্যালয়, আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, ইম্ফল, ০৬ অক্টোবৰ ২০২১ তাৰিখ লৈকে জমা কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

তাৰিখ : ০৮ অক্টোবৰ ২০২১

সময় : পুৱা ১১বজাৰ পৰা

স্থান : দিৰ্দেশকৰ কাৰ্য্যালয়, আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, ইম্ফল।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি