আৰ আৰ চি-এন ইৰ জ্যেষ্ঠ কনছালটেণ্ট নিযুক্তি

ৰিজ'নেল ৰিচ'ৰ্ছ চেণ্টাৰ-এন ই(আৰ আৰ চি)-য়ে জ্যেষ্ঠ কনছালটেন্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
আৰ আৰ চি-এন ইৰ জ্যেষ্ঠ কনছালটেণ্ট নিযুক্তি
Published on

পদৰ নামঃ জ্যেষ্ঠ কনছালটেণ্ট(ছিনিয়ৰ কনছালটেণ্ট)

খালী পদৰ সংখ্যাঃ এটা।

দৰমহাঃ মাহিলী ৯০ হেজাৰৰ পৰা ডেৰ লাখ টকা।

বয়সৰ সীমাঃ ৫০ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৬-২০২১।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী এম বি বি এছ/ বি ডি এছ/ বি এ এম এছ/ বি এইচ এম এচ / বি ইউ এম এছ / বি এন ৱাই এছ / বি এছ এম এছ / বি ফাৰ্ম হব লাগিব। অথবা নিম্নোক্ত এটা বিষয়ত স্নাতকোত্তৰ ডিপ্লমা/ ডিপ্লমাসহ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা বি এছ চি নাৰ্ছিং হব লাগিবঃ

১) জনস্বাস্থ্যত স্নাতকোত্তৰ ডিগ্ৰী, ২) জনস্বাস্থ্যত পি জি ডিপ্লমা, ৩) প্ৰিভেণ্টিভ এণ্ড ছচিয়েল মেডিচিনৰ পি জি ডিপ্লমা, ৪) কমিউনিটী মেডিচিন(নাৰ্ছিং)ৰ এম এচ চি, হাস্পতাল প্ৰশাসনৰ পি জি ডিগ্ৰী বা ডিপ্লমা আদি। তদুপৰিল জন স্বাস্থ্য তথা সংশ্লিষ্ট ক্ষেত্ৰত নূন্যতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে http://nhsrcindia.org-ৰ জৰিয়তে আবেদন জনাব পাৰিব। অনুমোদিত প্ৰ-পত্ৰতহে কেৱল আবেদন গ্ৰহণ কৰা হব। আবেদন গ্ৰহণৰ শেষ তাৰিখ ২৫ জুন, ২০২১।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com